স্পৰ্টচ ডেস্ক, 25 জুলাই:চলিত টকিঅ’ অলিম্পিকত (Tokyo olympics 2020) হকীৰ দ্বিতীয় পুলত বিশ্বৰ প্ৰথম স্থানৰ হকী দল অষ্ট্ৰেলিয়াৰ হাতত দেওবাৰৰ খেলখনত পৰাজয় বৰাণ কৰিবলগীয়া হ’ল ভাৰতীয় পুৰুষ হকী দলটোৱে (Indian mens hockey team) ৷ ভাৰতীয় পুৰষ দলটোক 7-1ত পৰাস্ত কৰে অষ্ট্ৰেলিয়াই ৷ খেলখনত আৰম্ভণিৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছিল অষ্ট্ৰেলিয়াক ৷
খেলখনত অষ্ট্ৰেলিয়াৰ হৈ গ’ল প্ৰদান কৰে ডানিয়েল বিলে (10 মিনিটত), জোছৱা বেল্টজ (26 মিনিটত), এন্দ্ৰিউ ফ্লিন অ’জিলিভ (23 মিনিটত), জেমী হেৱাৰ্ড (21 মিনিটত), ব্লেক গোভাৰ্ছ (40 আৰু 42 মিনিটত), টিম ব্ৰেণ্ডে (51 মিনিটত) ৷ এই বিজয় হ’ল অলিম্পিকত দলটোৰ একেৰাহে হোৱা দ্বিতীয়টো বিজয় ৷