অসম

assam

ETV Bharat / sports

FIH কোৱালিফায়াৰ্ছত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত আমেৰিকা দল - FIH কোৱালিফায়াৰ্ছত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত আমেৰিকা দল

FIH অলিম্পিক কোৱালিফায়াৰ্ছৰ বাবে ভাৰতত উপস্থিত হ'ল আমেৰিকাৰ মহিলা হকী দল ৷ কালিংগ হকী ষ্টেডিয়ামত ভাৰত আৰু আমেৰিকাৰ মাজত নৱেম্বৰৰ 1 আৰু 2 তাৰিখে মেচ অনুষ্ঠিত হ'ব ৷

FIH অলিম্পিক কোৱালিফায়াৰ্ছ

By

Published : Oct 25, 2019, 5:42 PM IST

স্পৰ্টছ ডেস্ক, 25 অক্টোবৰ : FIH অলিম্পিক কোৱালিফায়াৰ্ছত অংশগ্ৰহণৰ বাবে শুকুৰবাৰে ভাৰতত আহি উপস্থিত হৈছে আমেৰিকাৰ মহিলা হকী দল ৷ উল্লেখ্য যে,ভূৱনেশ্বৰৰ কালিংগ ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে দুখন কোৱালিফায়িং মেচত অংশগ্ৰহণ কৰিব আমেৰিকা দলটোৱে ৷

আমেৰিকা দলটোৰ অধিনায়ক কাথলিন ছাৰ্কিয়ে ভাৰতত উপস্থিত হৈ মন্তব্য কৰে, "ভাৰতত উপস্থিত হোৱাটো ৰোমাঞ্চকৰ ৷ আমাৰ দলৰ কোনো এজন সদস্যই পূৰ্বে ভাৰত ভ্ৰমণ কৰা নাই ৷ হকীত ভাৰতৰ ইতিহাস মহান বুলি আমি জানো ৷ ইয়াৰ লোকসকলৰ ক্ৰীড়াৰ প্ৰতি বহু আৱেগ আছে ৷ বহুসংখ্যক অনুৰাগীয়ে খেল উপভোগ কৰিবৰ বাবে ষ্টেডিয়ামত উপস্থিত হয় ৷ ভূৱনেশ্বৰত অনুষ্ঠিত পুৰুষ বিশ্বকাপ উপভোগ কৰিছো ৷ আমি ইয়াত খেলিবৰ বাবে সাজু হৈ আছো আৰু হকীৰ ক্ষেত্ৰত অন্যতম বিশ্ববিখ্যাত চহৰখনৰ অভিজ্ঞতা লৈ ঘূৰি যাব বিচাৰো ৷"

উল্লেখ্য যে,ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা হকী দলে 2018 চনত অন্তিমবাৰৰ বাবে মহিলা বিশ্বকাপত আমেৰিকাৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিছিল আৰু মেচখন 1-1 গ'লত ড্ৰ' হৈছিল ৷ কালিংগ হকী ষ্টেডিয়ামত নৱেম্বৰৰ 1 আৰু 2 তাৰিখে FIH অলিম্পিক কোৱালিফায়াৰ্ছ মেচ অনুষ্ঠিত হ'ব ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details