স্পৰ্টছ ডেস্ক, 26 জানুৱাৰীঃ শনিবাৰে পদ্মশ্ৰী বঁটাৰ বাবে নাম মনোনিত কৰা হৈছিল ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালক ৷ এই সন্মান লাভ কৰাৰ পাচতেই এই পুৰস্কাৰ দল আৰু সহযোগী ষ্টাৰ্ফক সমৰ্পিত কৰে খেলুৱৈগৰাকীয়ে ৷ লগতে প্ৰশিক্ষক আৰু ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুকো ধন্যবাদ জ্ঞাপন কৰে অধিনায়কগৰাকীয়ে ৷
পদ্মশ্ৰী সন্মানৰ পাচতেই ৰানী ৰামপালৰ প্ৰতিক্ৰিয়া - টকিঅ’ অলিম্পিক
দেশৰ সৰ্বোচ্চ নাগৰিক সন্মানৰ অন্যতম পদ্মশ্ৰী পুৰস্কাৰ লাভৰ পাচতেই গৌৰৱাম্বিত অনুভৱ কৰিছো বুলি উল্লেখ কৰে ভাৰতৰ মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালে ৷
অধিনায়কগৰাকীয়ে টুইটাৰ উল্লেখ কৰে,দেশৰ সৰ্বোচ্চ নাগৰিকৰ অন্যতম পদ্মশ্ৰী সন্মানেৰে পুৰস্কৃত কৰাৰ বাবে মই গৌৰৱাম্বিত অনুভৱ কৰিছো ৷ মই এই পুৰস্কাৰ মোৰ সমস্ত দল আৰু সহযোগী ষ্টাৰ্ফক সমৰ্পিত কৰিছো ৷ লগতে মই ধন্যাবাদ জ্ঞাপন কৰিছো ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু, হকী ইণ্ডিয়া, প্ৰশিক্ষক বলদেৱ, পৰিয়াল, বন্ধু আৰু অনুৰাগীক যিয়ে মোক সদায় সমৰ্থন কৰি আহিছে ৷
উল্লেখ্য যে, ৰানীৰ নেতৃত্বতেই ভাৰতীয় দলটোৱে টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়৷ তৃতীয়বাৰৰ বাবে ভাৰতীয় মহিলা হকী দলে অলিম্পিকলৈ যোগ্যাতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ 25 বছৰীয়া ৰানী ৰামপালে দেশৰ বাবে 200 খনতকৈ অধিক মেচত অংশগ্ৰহণ কৰিছে ৷ খেলুৱৈগৰাকীয়ে 2013 চনত জুনিয়ৰ বিশ্বকাপত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট জয় কৰিবলৈ সক্ষম হৈছিল ৷ য’ত ভাৰতে ব্ৰঞ্জ পদক জয় লাভ কৰিছিল ৷ ইপিনে 2014 চনত এফআইচিচিআইত কামবেক প্লেয়াৰ অফ দ্য ইয়াৰ পুৰস্কাৰৰে সন্মানিত হৈছিল ৰানী ৰামপাল ৷ ইপিনে ৰানীৰ নেতৃত্বেই 13 বছৰ পাচত এছিয়া কাপৰ খিতাপ জয় লাভ কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷
- লগতে চাওক- দ্বিতীয়খন টি-20 ত 7 উইকেটত জয় লাভ ভাৰতৰ