স্পৰ্টছ ডেস্ক, 19 জানুৱাৰী : আয়োজক ভাৰতে বিশ্বৰ তৃতীয় ৰেংকিঙৰ নেদাৰলেণ্ডছক FIH Pro League ৰ এখন মেচত পৰাস্ত কৰে ৷ শনিবাৰে ভূৱনেশ্বৰৰ কালিংগা ষ্টেডিয়ামত অনুষ্ঠিত মেচত ভাৰতে নেদাৰলেণ্ডছক 5-2 ব্যৱধানত পৰাস্ত কৰে ৷
মেচৰ প্ৰথমটো মিনিটতে গুজৰান্ট সিঙে ভাৰতৰ হৈ প্ৰথমটো গ'ল প্ৰদান কৰে ৷ মেচৰ 12 মিনিটত ৰূপীন্দৰপাল সিঙৰ জৰিয়তে ভাৰতে 2-0 ৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাচতে নেদাৰলেণ্ডছৰ হৈ জিপ জানছেন আৰু জেৰোএন হাৰ্টছবাৰ্গাৰে এটাকৈ গ'ল কৰি সমতা স্থাপন কৰে ৷