অসম

assam

By

Published : Jun 24, 2019, 3:25 PM IST

ETV Bharat / sports

মহিলা হকী দলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

এফ আই এইছ ছিৰিজ ফাইনেলত জয়ী হোৱাৰ পাছতে ভাৰতীয় মহিলা হকী দলক শুভেচ্ছাৰে উপচাই পেলাইছে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে বহু গণ্য মান্য ব্যক্তিয়ে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

নিউজ ডেস্ক, 24 জুন : দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এফ আই এইছ ছিৰিজ ফাইনেলত বিজয় সাব্যস্ত কৰা ভাৰতীয় মহিলা হকী দলক অভিনন্দন জ্ঞাপন কৰে ৷ এক টুইটৰ জৰিয়তে দলটোক অভিবাদন জনোৱাৰ লগতে এই জয়ে হকীক বিখ্যাত কৰাৰ লগতে যুৱ চামক খেলিবলৈও উৎসাহ প্ৰদান কৰিব বুলি মন্তব্য কৰে ৷

নৰেন্দ্ৰ মোডীৰ অভিনন্দন
ভাৰতীয় হকী ফেডাৰেছনৰ অভিনন্দন

এই প্ৰেৰণাদায়ক মন্তব্যৰ বাবে ভাৰতীয় হকী ফেডাৰেছনেও প্ৰধানমন্ত্ৰী গৰাকীক ধন্যবাদ জনোৱাৰ লগতে হকীক কেৰিয়াৰ হিচাপে ল'বলৈ মহিলাসকলক উৎসাহ যোগাব বুলি জনায় ৷ ইয়াৰ উপৰি ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুয়েও টুইটাৰৰ জৰিয়তে এই জয়ক গুৰুত্বপূৰ্ণ বুলি কৰাৰ লগতে দলটোক অভিনন্দন জ্ঞাপন কৰে ৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণেও মহিলা দলটোক অভিনন্দন জ্ঞাপন কৰে ৷

ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৰ অভিনন্দন
আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনৰ অভিনন্দন

আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনে ভাৰতীয় দলৰ এই জয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ট'কিঅ অলিম্পিকলৈ বাট মুকলি কৰা বুলি উল্লেখ কৰে ৷ উল্লেখ্য যে,দেওবাৰে অনুষ্ঠিত ফাইনেল মেচখনত ভাৰতীয় দলটোৱে জাপানক 3-1 ৰ ব্যৱধানত পৰাস্ত কৰে ৷ ভাৰতীয় দলৰ অধিনায়ক তথা 'প্লেয়াৰ অৱ দা টুৰ্ণামেন্ট' সন্মান লাভ কৰা ৰাণী ৰামপালে 3 মিনিটত এটা গ'ল কৰে ৷ ইয়াৰোপৰি, টুৰ্ণামেন্টত সৰ্বাধিক গ'ল কৰা গুৰজীত কৌৰে 45 আৰু 60 মিনিটত দুটাকৈ গ'ল কৰি ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অভিনন্দন

ABOUT THE AUTHOR

...view details