অসম

assam

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ তিনিবাৰৰ চেম্পিয়ন পাকিস্তান হকী দল

By

Published : Oct 28, 2019, 9:00 PM IST

টকিঅ’ অলিম্পিকৰ পৰা বাহিৰ হ’ল তিনিবাৰৰ অলিম্পিক চেম্পিয়ন পাকিস্তান হকী দল ৷ নেদাৰলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় কোৱালিফায়াৰ মেচত 1-6 গ’লত পৰাস্ত হৈ বাহিৰ হয় পাকিস্তান হকী দলটো ৷

টকিঅ’ অলিম্পিকৰ যোগ্যতা লাভ কৰাত ব্যৰ্থ তিনিবাৰৰ চেম্পিয়ন পাকিস্তান হকী দল

স্পৰ্টছ ডেস্ক, 28 অক্টোবৰ: আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হ’ল তিনিবাৰৰ অলিম্পিক চেম্পিয়ন পাকিস্তান হকী দল ৷ নেদাৰলেণ্ডৰ বিৰুদ্ধে অলিম্পিকৰ দ্বিতীয় কোৱালিফায়াৰ মেচত 1-6 গ’লত পৰাস্ত হয় পাকিস্তান হকী দলটো ৷ এই কথা সদৰি কৰে পাকিস্তানৰ খেলুৱৈ ৰাছিদ মহমুদে ৷ ৰাছিদে কয়,

টকিঅ’ অলিম্পিকৰ যোগ্যতা অৰ্জনত ব্যৰ্থ পাকিস্তান হকী দল

আমাৰ বাবে এইয়া এটা বেয়া দিন ৷ আমি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হ’লো ৷ আমি দ্বিতীয়খন মেচত আমাৰ জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাত ব্যৰ্থ হোৱাৰ বাবেই পৰাজয়ৰ সন্মুখীন হৈ বাহিৰ হ’ব লগা হ’ল ৷

উল্লেখ্য যে, পাকিস্তান দলটোৱে 1960, 1668 আৰু1984 চনৰ অলিম্পিকত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল ৷ আনহাতে 1992 চনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল পাকিস্তান হকী দলটোৱে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details