অসম

assam

ETV Bharat / sports

FIH হকী ষ্টাৰছ, 2019 সন্মানৰ বাবে মনোনীত লালৰেমছিয়ামি - FIH হকী ষ্টাৰছ, 2019 বঁটা

FIH হকী ষ্টাৰছ, 2019 সন্মানৰ বাবে মনোনীত হৈ সন্মানিত বুলি মন্তব্য কৰে লালৰেমছিয়ামিয়ে ৷ FIH ৰাইজিং ষ্টাৰ অৱ দা ইয়েৰ, মহিলা সন্মানৰ বাবে আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনে মনোনীত কৰিছে হকী খেলুৱৈ গৰাকীক ৷

সন্মানিত অনুভৱ কৰা বুলি মন্তব্য
FIH হকী ষ্টাৰছ, 2019 ৰ বাবে মনোনীত লালৰেমছিয়ামি

By

Published : Dec 21, 2019, 2:36 PM IST

স্পৰ্টছ ডেস্ক, 21 ডিচেম্বৰ : FIH হকী ষ্টাৰছ, 2019 সন্মানৰ বাবে মনোনীত হৈছে ভাৰতীয় মহিলা হকী দলৰ ষ্ট্ৰাইকাৰ লালৰেমছিয়ামি ৷ এই মনোনয়ন লাভৰ পাচতে মিজোৰামৰ পেশাদাৰী হকী খেলুৱৈগৰাকীয়ে সন্মানিত অনুভৱ কৰা বুলি মন্তব্য কৰে ৷

অলিম্পিক টেষ্ট ইভেন্ট আৰু FIH মহিলা ছিৰিজ ফাইনেলত আগবঢ়োৱা দূৰ্দান্ত প্ৰদৰ্শনৰ বাবে লালৰেমছিয়ামিক FIH হকী ষ্টাৰছ, 2019 সন্মানৰ বাবে মনোনীত কৰা হৈছে ৷

FIH হকী ষ্টাৰছ, 2019 ৰ বাবে মনোনীত লালৰেমছিয়ামি

লালৰেমছিয়ামিয়ে কয়, "এই বছৰটো মোৰ বাবে মিশ্ৰিত বৰ্ষ হিচাপে পৰিগণিত হৈছে যিহেতু উত্থান-পতন দুয়োটাই লাভ কৰিছো ৷ কিন্তু সৰ্বোচ্চ পৰ্যায়ত দেশক প্ৰতিনিধিত্ব কৰিবলৈ পাই মই যথেষ্ট গৌৰৱাম্বিত ৷ FIH হকী ষ্টাৰছ, 2019 ৰ লগতে আৰু এটা সন্মানৰ বাবে মনোনীত হৈ মই সন্মানিত অনুভৱ কৰিছো ৷"

উল্লেখ্য যে, 19 বৰ্ষীয় মিজোৰামৰ খেলুৱৈগৰাকীয়ে যোৱা বছৰ ভাৰতীয় দলত আত্মপ্ৰকাশ ঘটাইছিল ৷ তেতিয়াৰ পৰাই ভাৰতীয় দলৰ অপৰিহাৰ্য অংগ হৈ পৰিছিল লালৰেমছিয়ামি ৷ অলিম্পিক টেষ্ট ইভেন্ট আৰু FIH মহিলা ছিৰিজ ফাইনেলত ভাৰতক জয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল লালৰেমছিয়ামিয়ে ৷

2019 বৰ্ষত লালৰেমছিয়ামিয়ে 10 গ'ল কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰে দুটা স্পেইনৰ বিৰুদ্ধে, চাৰিটা মালয়েছিয়াৰ বিৰুদ্ধে, এটা কোৰিয়াৰ বিৰুদ্ধে, হিৰোছিমাত অনুষ্ঠিত FIH মহিলা ছিৰিজ ফাইনেলত দুটা আৰু অলিম্পিক টেষ্ট ইভেন্টত এটা গ'ল প্ৰদান কৰিছিল ৷

এয়া এক মিশ্ৰিত বৰ্ষ বুলি জানিবলৈ দিয়ে লালৰেমছিয়ামিয়ে ৷ তেওঁ কয়, "এয়া এক মিশ্ৰিত বৰ্ষ কাৰণ এই বৰ্ষতে টুৰ্ণামেন্টত অংশগ্ৰহণ কৰি থাকোতে মোৰ দেউতাক হেৰুৱালো ৷ সেই সময়খিনি মোৰ বাবে বহু কষ্টকৰ আছিল কিন্তু মই এই দলটোৰ সদস্য হৈ গৌৰৱাম্বিত কিয়নো দলটোৱে সকলো সময়তে মোৰ সমৰ্থন কৰিছে আৰু জটিল সময়ত শুশ্ৰূষা কৰিছে৷ এনে ধৰণৰ সন্মানৰ বাবে মনোনীত হ'লে খেলপথাৰৰ বাহিৰে ভিতৰে নিজে প্ৰয়োগ কৰা সকলোবোৰ পৰিশ্ৰমলৈ মনত পৰে৷ এটা দল হিচাপে আমাৰ দলে বছৰটোত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা বাবে এই সন্মানৰ বাবে মনোনীত হৈ সুখী হৈছো ৷"

উল্লেখ্য যে, 2018 বৰ্ষৰ এছিয়ান গেমছত ৰূপৰ পদকজয়ী ভাৰতীয় দলৰ সদস্য আছিল লালৰেমছিয়ামি ৷ ডিচেম্বৰ মাহত আন্তৰাষ্ট্ৰীয় হকী ফেডাৰেছনে FIH হকী ষ্টাৰছ, 2019 ৰ তালিকা প্ৰকাশ কৰিছিল ৷ এই তালিকাত স্থান লাভ কৰা ভাৰতীয় আছিল - মনপ্ৰীত সিং(FIH প্লেয়াৰ অৱ দা ইয়েৰ, পুৰুষ), বিবেক সাগৰ প্ৰসাদ(FIH ৰাইজিং ষ্টাৰ অৱ দা ইয়েৰ, পুৰুষ) আৰু লালৰেমছিয়ামি(FIH ৰাইজিং ষ্টাৰ অৱ দা ইয়েৰ, মহিলা) ৷

বৰ্তমান ভাৰতৰ মহিলা দলটো জিৰণি লৈছে আৰু 5 জানুৱাৰী, 2020 ৰ পৰা ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় শিবিৰত যোগদান কৰিব ৷

আৰু পঢ়ক : যশশ্বী জয়ছৱালৰ কাহিনী : পানীপুৰি বিক্ৰীৰ পৰা কোটি টকাৰ IPL চুক্তিলৈকে

ABOUT THE AUTHOR

...view details