অসম

assam

By

Published : Oct 31, 2019, 9:53 PM IST

ETV Bharat / sports

অলিম্পিক কোৱালিফায়াৰ: ৰাছিয়াৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় হকী দল

শুকুৰবাৰে অলিম্পিক কোৱালিফায়াৰ প্ৰথমখন মেচত ৰাছিয়াৰ মুখামুখি হ’ব ভাৰতীয় হকী দল ৷ মেচখনৰ পূৰ্বে ভাৰতীয় হকী দলৰ প্ৰশিক্ষক গ্ৰাহম ৰীডৰ প্ৰতিক্ৰিয়া ৰাছিয়া দলটোক সহজে লোৱাৰ ভুল নকৰে ভাৰতে ৷

অলিম্পিক কোৱালিফায়াৰ: ৰাছিয়াৰ বিৰুদ্ধে মুখামুখি হ’ব ভাৰতীয় হকী দল

স্পৰ্টছ ডেস্ক, 31 অক্টোবৰ: আগন্তুক টকিঅ’ অলিম্পিকৰ যোগ্যাতা অৰ্জনৰ বাবে এতিয়া কেৱল দুখোজ দূৰত ভাৰতীয় হকী দল ৷ শুকুৰবাৰে প্ৰথমখন কোৱালিফায়াৰ মেচত ৰাছিয়াৰ মুখামুখি হ’ব ভাৰতীয় হকী দলটো ৷ মনপ্ৰীত সিঙৰ নেতৃত্বত প্ৰথমখন কোৱালিফায়াৰ মেচত ভাৰতীয় দলটোৱে বিশ্বৰ 22 নম্বৰ ৰেকিঙত থকা ৰাছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷

ভাৰতীয় হকী দল

ইতিমধ্যে মেচখনত ভাৰতীয় দলটো অধিক শক্তিশালী হিচাপে বিবেচিত হৈছে যদিও ভাৰতীয় হকী দলৰ প্ৰশিক্ষক গ্ৰাহম ৰীডে কয়, কোনো পধ্যেই ৰাছিয়াৰ দলটোক মেচত সহজে নলয় ভাৰতীয় হকী দলটোৱে ৷ মেচখনত ভাৰতৰ হৈ মনদ্বীপ সিং, আকাশদ্বীপ সিং, এছবী সুনীল, ৰমনদ্বীপ সিং, ললিত উপাধ্যায় আৰু চিমৰণজিৎ কৌৰে মুখ্য ভূমিকা পালন কৰিব ৷ কলিংগ ষ্টেডিমায়ত অনুষ্ঠিত হ’বলগীয়া মেচখনক লৈ এতিয়া তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে ৷

লগতে চাওকঃশুকুৰবাৰে সৰুসজাইত নৰ্থ ইষ্ট ইউনাইটেডৰ মুখামুখি হ'ব এফ চি গোৱা

For All Latest Updates

ABOUT THE AUTHOR

...view details