স্পৰ্টছ ডেস্ক, 2 নৱেম্বৰ: মহিলা হকীৰ দলৰ পাচতেই টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিলে ভাৰতীয় পুৰুষ হকী দলটোৱে ৷ শনিবাৰে অনুষ্ঠিত হোৱা দ্বিতীয়খন অলিম্পিক কোৱালিফায়াৰ মেচত ৰাছিয়াক 7-1 গ’লত ধৰাশায়ী কৰে ভাৰতে ৷ ভাৰতৰ হৈ 17 মিনিটত ললিত উপাধ্যায়, 23 আৰু 29 মিনিটত আকাশদ্বীপ সিং, 47 মিনিটত নিলকণ্ঠ শৰ্মা, 48 আৰু 59 মিনিটত ৰুপিন্দৰ সিং আৰু অন্তিমটো গ’ল 60 মিনিটত কৰে অমিত ৰুহিদাসে ৷
ৰাছিয়াক পৰাস্ত কৰি অলিম্পিকৰ টিকট ভাৰতীয় পুৰুষ হকী দলৰ
টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় পুৰুষ হকী দলৰ ৷ মুঠ 11-3 গ’লৰে ৰাছিয়াক ধৰাশায়ী কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন ভাৰতীয় পুৰুষ হকী দলটোৰ ৷
ইয়াৰ পূৰ্বে শুকুৰবাৰে ওড়িশাৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা প্ৰথমখন কোৱালিফায়াৰ মেচত ৰাছিয়াক 4-2 গ’লত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল ভাৰতে ৷ ফলস্বৰূপে মুঠ 11-3 গ’লৰ ব্যৱধানত ৰাছিয়াক পৰাস্ত কৰি টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ভাৰতীয় হকী দলটোৱে ৷
ইপিনে শনিবাৰে ভাৰতীয় মহিলা হকী দলটোৱেও অলিম্পিকলৈ ধাৰাবাহিক দ্বিতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ৷ শনিবাৰে দ্বিতীয়খন কোৱালিফায়াৰ মেচত 4-1 গ’লত আমেৰিকাৰ হাতত পৰাস্ত হয় যদিও শুকুৰবাৰে প্ৰথমখন কোৱালিফায়াৰ মেচত 5-1 গ’লত জয় লাভ কৰিছিল ভাৰতে ৷ ফলত মুঠ 6-5গ’লৰ ব্যৱধানত আমেৰিকাক পৰাস্ত কৰি টকিঅ’ 2020 অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ভাৰতীয় মহিলা হকী দলটোৱে ৷