স্পৰ্টছ ডেস্ক, 5 অক্টোবৰ :বেলজিয়ামত বৃহৎ সফলতা লাভ কৰি শনিবাৰে ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় হকী দলে ৷ বেলজিয়াম ভ্ৰমণত ভাৰতীয় দলটোৱে 5 খনীয়া শৃংখলাৰ আটাইকেইখন মেচতে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ 5 খন মেচৰ দুখনত স্পেইন আৰু তিনিখনত বেলজিয়ামৰ বিৰুদ্ধে জয়ী হয় দলটোৱে ৷ উল্লেখ্য যে, ছেপ্তেম্বৰৰ 26 তাৰিখৰ পৰা অক্টোবৰৰ 3 তাৰিখলৈ এই শৃংখলা অনুষ্ঠিত কৰা হৈছিল ৷
বেলজিয়ামৰ বিৰুদ্ধে প্ৰথমখন মেচত 2-0 ব্যৱধানত জয়ী হয় ভাৰতীয় দল ৷ ইয়াৰ পাছতে স্পেইনৰ বিৰুদ্ধে দ্বিতীয় আৰু তৃতীয় মেচত 6-1 আৰু 5-1 ৰ ব্যৱধানত জয়ী হয় দলটো ৷ চূড়ান্ত দুখন মেচত বেলজিয়ামৰ বিৰুদ্ধেও জয়ী হয় ভাৰতীয় হকী দলটো ৷