অসম

assam

By

Published : Sep 29, 2019, 11:18 AM IST

ETV Bharat / sports

স্পেইনৰ বিৰুদ্ধে 6-1 ত জয়ী ভাৰতীয় হকী দল

বিশ্বৰ 8 সংখ্যক স্থানৰ স্পেইনক 6-1 ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় হকী দলে ৷ বেলজিয়াম ভ্ৰমণৰত ভাৰতীয় দলে শনিবাৰৰ মেচত বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় হকী দল

স্পৰ্টছ ডেস্ক, 29 ছেপ্টেম্বৰ : বিশ্বৰ 8 সংখ্যক স্থানৰ স্পেইনক 6-1 ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় হকী দলে ৷ বেলজিয়াম ভ্ৰমণৰত ভাৰতীয় দলে শনিবাৰৰ মেচত বৃহৎ জয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিশ্বৰ 5 সংখ্যক স্থানৰ ভাৰতীয় দলটোৱে মেচৰ আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক প্ৰদৰ্শন আগবঢ়ায় ৷ 24 মিনিটত ভাৰতৰ হৈ প্ৰথমটো গ'ল কৰে দলৰ অধিনায়ক মনপ্ৰীত সিঙে ৷ ইয়াৰ পাছতে 28 আৰু 32 মিনিটত হৰমনপ্ৰীত সিঙে দুটাকৈ গ'ল কৰে ৷

স্পেইনৰ বিৰুদ্ধে 6-1 ত জয়ী ভাৰতীয় হকী দল

ভাৰতৰ হৈ আন তিনিটা গ'ল কৰে নিলকান্ত শৰ্মা (39 মিনিট), মন্দীপ সিং (56 মিনিট) আৰু ৰূপিন্দৰ সিঙে (59 মিনিট) ৷ আনহাতে, স্পেইনে কেৱল এটা গ'ল প্ৰদান কৰিবলৈহে সক্ষম হয় ৷ স্পেইনৰ বিৰুদ্ধে আন এখন মেচত 29 তাৰিখে অংশগ্ৰহণ কৰিব ভাৰতীয় দলে ৷

ABOUT THE AUTHOR

...view details