স্পৰ্টছ ডেস্ক, 20 জুলাই:ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক চাৰদাৰ সিঙৰ টকিঅ’ অলিম্পিকক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ৷ মনপ্ৰীত সিং নেতৃত্বাধীন ভাৰতীয় হকী দলটোৰ টকিঅ’ অলিম্পিকত পদক জয়ৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আত্মবিশ্বাস খেলুৱৈগৰাকীৰ ৷
উল্লেখ্য যে, ভাৰতে শেষবাৰৰ বাবে 1980 চনৰ মস্ক’ অলিম্পিকত হকীত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পাচত ভাৰতে অলিম্পিকত আঠবাৰৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে যদিও পদক জয়ত অসফল হৈছে ৷
টকিঅ’ অলিম্পিকত ভাৰতৰ পদক জয়ৰ সম্ভাৱনা : চাৰদাৰ সিং চাৰদাৰ সিঙে লগতে কয়, মই 314 খন আন্তঃৰাষ্ট্ৰীয় মেচত অংশ গ্ৰহণ কৰিছো যদিও দুঃখিত মই অলিম্পিকত পদক জয় লাভ কৰাত বৰ্তমানলৈ ব্যৰ্থ ৷ কিন্তু শেহতীয়া দলটোৰ প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি মই বাস্তৱত আশাবাদী যে এই দলটোৱে টকিঅ’ অলিম্পিকত পদক জয়ৰ বাবে সক্ষম ৷
জাপানত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক চলিত বৰ্ষতেই আয়োজন হোৱাৰ কথা আছিল যদিও ক’ভিড মহামাৰীৰ বাবে বৰ্তমানে এই প্ৰতিযোগিতা অহা বৰ্ষলৈ স্থগিত কৰা হৈছে ৷ এই সময়ছোৱাত ভাৰতীয় দলটোৱে অধিক প্ৰস্তুতি কৰাৰ সময় লাভ কৰিছে বুলি কয় চাৰদাৰ সিঙে ৷
লগতে চাওক-আইপিএলক লৈ প্ৰস্তুতি ফ্ৰেনচাইজীৰ