অসম

assam

ETV Bharat / sports

ভাৰতীয় হকী খেলুৱৈ সুনীতা লাকড়াৰ সন্ন্যাস - ভাৰতীয় হকী খেলুৱৈ সুনীতা লাকড়াৰ সন্ন্যাস

আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা বিদায় ল’লে ভাৰতীয় মহিলা হকী খেলুৱৈ সুনীতা লাকড়াই ৷ আঘাতৰ বাবেই এই সিদ্ধান্ত খেলুৱৈগৰাকীৰ ৷

হকী খেলুৱৈ সুনীতা লাকড়াৰ সন্ন্যাস
হকী খেলুৱৈ সুনীতা লাকড়াৰ সন্ন্যাস

By

Published : Jan 2, 2020, 3:13 PM IST

স্পৰ্টছ ডেস্ক, 2 জানুৱাৰীঃ আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ গ্ৰহণ কৰিলে ভাৰতীয় হকী দলৰ ডিফেণ্ডাৰ খেলুৱৈ সুনীতা লাকড়াই ৷ আঠুৰ আঘাতৰ বাবেই বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় হকীৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে খেলুৱৈগৰাকীয়ে ৷

সুনীতা লাকড়াৰ সন্ন্যাস

উল্লেখ্য যে, 2018 বৰ্ষত এছিয়ান গেমছৰ ৰূপৰ পদক বিজয়ী ভাৰতীয় দলটোৰ এজন অন্যতম সদস্য আছিল সুনীতা ৷ আঘাতৰ বাবে বৰ্তমান লৈকে দুবাৰকৈ আঠুৰ অস্ত্ৰোপ্ৰচাৰ কৰিব লগা হৈছে বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷ যাৰ বাবে 28 বছৰৰ খেলুৱৈগৰাকীয়ে টকিঅ’ অলিম্পিকৰ বাবে দলত স্থান লাভ কৰাত বিফল হয় ৷

2008 চনত ভাৰতীয় দলত অন্তৰ্ভুক্ত হোৱা সুনীতাই 2018 চনৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত অধিনায়কৰ নেতৃত্ব বহন কৰি দলটোক ৰূপৰ পদক দিয়াবলৈ সক্ষম হৈছিল ৷ ভাৰতৰ হৈ 139 খন মেচত অৱতীৰ্ণ হৈছিল খেলুৱৈগৰাকী ৷ 2014 চনত ব্ৰঞ্জৰ পদক লাভ কৰা এছিয়ান খেলৰো সদস্য আছিল সুনীতা ৷

সুনীতাই কয়, মই নিজকে সৌভাগ্যৱান মানো ৷ কাৰণ মই 2016 ত ৰিঅ’ অলিম্পিকত খেলিবলৈ সুযোগ লাভ কৰিছিলো ৷ কিন্তু মোৰ আঠুৰ আঘাতৰ বাবেই এতিয়া টকিঅ’ অলিম্পিকলৈ যোৱাৰ সপোন ভংগ হৈ পৰিল ৷ আগন্তুক দিনত আন এটা অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হ’ব, মই নাজানো সম্পূৰ্ণ ভাৱে সুস্থ হৈ উঠিবলৈ মোক কিমান দিনৰ প্ৰয়োজন হ’ব ৷

অৱশ্যে সুস্থ হৈ উঠাৰ পাচত ঘৰুৱা হকী মেচ সমূহত অংশ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details