FIH ছিৰিজ ফাইনেল্ছঃ ভাৰতৰ বিৰুদ্ধে 10 গ’লত বিধ্বস্ত ৰুছ - INDIA
এফ আই এইজ ছিৰিজ ফাইনেল্ছৰ প্ৰথম মেচতেই শক্তিশালী প্ৰদৰ্শন ভাৰতীয় হকী দলৰ ৷ 10-0 গ’লত পৰাস্ত ৰুছ ৷
![FIH ছিৰিজ ফাইনেল্ছঃ ভাৰতৰ বিৰুদ্ধে 10 গ’লত বিধ্বস্ত ৰুছ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3495375-891-3495375-1559897177157.jpg)
FIH ছিৰিজ ফাইনেল্ছঃ ভাৰতৰ বিৰুদ্ধে 10 গ’লত বিধ্বস্ত ৰুছ
স্পৰ্টছ ডেস্ক, 7 জুনঃকলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এফ আই ছিৰিজ ফাইনেল্ছৰ প্ৰথমখন মেচতেই চমক প্ৰদৰ্শন ভাৰতীয় পুৰুষ হকী দলৰ ৷ প্ৰথমখন মেচতেই ধৰাশায়ী কৰে ৰুছক ৷ বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানত থকা ভাৰতৰ হৈ নীলকান্ত শৰ্মা (13), চিমৰণজিৎ কৌৰ (19), অমিত ৰোহিদাস (20), হৰমনপ্ৰীত সিং (32,48), বৰুণ কুমাৰ (34), গুৰুচাহিব জীৎ সিং (37), আকাশদ্বীপ সিং (42, 56) বিবেক সাগৰ প্ৰসাদে (45) গ’ল কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, বিশ্ব ৰেংকিঙৰ 22 নম্বৰ স্থানত অধিষ্ঠিত আছে ৰুছ ৷