স্পৰ্টছ ডেস্ক, 3 জুনঃদেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে নিজৰ নাম মনোনীত হোৱাক লৈ আনন্দ প্ৰকাশ ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ । বুধবাৰে এই পুৰস্কাৰৰ বাবে মনোনীত হ'বলৈ পাই অভিভূত হোৱা বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে ।
পদ্মশ্ৰী প্ৰাপ্ত খেলুৱৈগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰি কয়,প্ৰতিষ্ঠিত ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত হোৱাত নিজকে গৌৰাম্বিত অনুভৱ কৰিছো । হকী ইণ্ডিয়াই মোৰ নাম মনোনীত কৰাৰ বাবে অধিক সুখী অনুভৱ কৰিছো । তেওঁলোকৰ ধাৰাবাহিক সমৰ্থনে মোৰ লগতে দলটোক ভাল প্ৰদৰ্শন কৰাৰ বাবে প্ৰেৰণা যোগায় ।