অসম

assam

ETV Bharat / sports

প্ৰশিক্ষক পঞ্জীয়নৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হকী ইণ্ডিয়াৰ - প্ৰশিক্ষক পঞ্জীয়নৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হকী ইণ্ডিয়াৰ

"আমাৰ বিশ্বাস আবেদন আৰু পঞ্জীকৰণ প্ৰক্ৰিয়াৰ বাবে উপলব্ধ মঞ্চই পঞ্জীকৰণ প্ৰক্ৰিয়াত অধিক সহায়ক কৰি তুলিব । লগতে ইয়াৰ দ্বাৰা হকী ইণ্ডিয়া আৰু তেওঁলোকৰ সদস্যই দেশৰ প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াসকলৰ সৈতে একেলগে কাম কৰিবলৈ সুন্দৰ সুযোগ লাভ কৰিব" বুলি কয় হকী ইণ্ডিয়াই ।

প্ৰশিক্ষক পঞ্জীয়নৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হকী ইণ্ডিয়াৰ
প্ৰশিক্ষক পঞ্জীয়নৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হকী ইণ্ডিয়াৰ

By

Published : Jun 17, 2020, 6:15 PM IST

স্পৰ্টছ ডেস্ক, 17 জুনঃ দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াসকলৰ বাবে মুক্ত আবেদন আৰু পঞ্জীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে হকী ইণ্ডিয়াই । হকী ইণ্ডিয়াৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা হকী ইণ্ডিয়াৰ সদস্য ইউনিটত প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়া হিচাপে পঞ্জীয়ন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলক এটা লিংক প্ৰদান কৰা হ'ব ।

প্ৰশিক্ষক পঞ্জীয়নৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি হকী ইণ্ডিয়াৰ

লগতে আবেদনকাৰীয়ে আবেদন জমা কৰাৰ পাচত, সেই সম্বন্ধীয় হকী ইণ্ডিয়াৰ পঞ্জীকৃত সদস্য ইউনিটৰ অনুমোদনৰ প্ৰয়োজন হ'ব । এবাৰ হকী ইণ্ডিয়াৰ সদস্যৰ ইউনিটে আবেদনখন অনুমোদন প্ৰদান কৰে তাৰ পাচত আবেদনখন প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াৰ পঞ্জীয়নৰ বাবে হকী ইণ্ডিয়াৰ চূড়ান্ত অনুমোদনৰ প্ৰয়োজন হ'ব বুলি উল্লেখ কৰা হয় ।

হকী ইণ্ডিয়াৰ অধ্যক্ষ মহম্মদ মুস্তাক আহমেদে কয়, প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াৰ আবেদন আৰু পঞ্জীয়নৰ বাবে মুক্ত মঞ্চ তৈয়াৰ কৰি উলিওৱাটো এটা দুৰ্দান্ত ধাৰণা । ইয়াৰ জৰিয়তে যিকোনো লোকে হকী ইণ্ডিয়াৰ সদস্য পৰ্টেলৰ মাধ্য়মেৰে আবেদন কৰিবলৈ সক্ষম হ'ব ।

তেওঁ লগতে কয়,মই নিশ্চিত যে,আবেদন আৰু পঞ্জীয়নৰ বাবে এই মঞ্চ মুকলি কৰা ফলত পঞ্জীয়ন প্ৰক্ৰিয়া অধিক সহজ হৈ পৰিব । লগতে ইয়াৰ জৰিয়তে হকী ইণ্ডিয়া আৰু ইয়াৰ সদস্য সকলক দেশৰ ভিন্ন প্ৰান্তৰ প্ৰশিক্ষক আৰু কাৰিকৰী বিষয়াৰ সৈতে কাম কৰাৰো দুৰ্দান্ত সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব ।

লগতে চাওকঃ আই আই টি হায়দৰাবাদে কোভিড-১৯ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছে AI-powered

ABOUT THE AUTHOR

...view details