নিউজ ডেস্ক, 9 এপ্ৰিলঃ ভাৰতীয় ক্ৰীড়া কৰ্তৃপক্ষই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অষ্ট্ৰেলিয়াৰ গ্ৰাহাম ৰেইদক ভাৰতীয় পুৰুষ হকী দলৰ মূখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ 2018 চনৰ ডিচেম্বৰ মাহৰ পৰা ভাৰতীয় দলে প্ৰশিক্ষকৰ অবিহনে খেলি আহিছিল যদিও সোমবাৰে চাৰি মহীয়া প্ৰতীক্ষাৰ অন্ত পৰে ৷ 2020 চনৰ ডিচেম্বৰ মাহলৈকে প্ৰশিক্ষক গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে যিহেতু সেইসময়তে টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলে কোৱালিফায়িং মেচত অংশগ্ৰহণ কৰিব ৷ অহা মাহত আৰম্ভ হ'বলগীয়া ভাৰত-বনাম অষ্ট্ৰেলিয়া ছিৰিজ ৰেইদৰ বাবে প্ৰথম বৃহৎ দায়িত্ব হিচাপে পৰিগণিত হৈছে ৷
হকী দলৰ মূখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি গ্ৰাহাম ৰেইদক - ETV BHARAT
চাৰি মাহৰ প্ৰতীক্ষাৰ অন্তত ঘোষণা কৰা হৈছে ভাৰতীয় পুৰুষ হকী দলৰ মূখ্য প্ৰশিক্ষক ৷ অষ্ট্ৰেলিয়াৰ গ্ৰাহাম ৰেইদক প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ৷ 2020 চনৰ ডিচেম্বৰ মাহলৈকে প্ৰশিক্ষক গৰাকীক নিযুক্তি প্ৰদান কৰা হৈছে যিহেতু সেইসময়তে টকিঅ' অলিম্পিকৰ বাবে ভাৰতীয় দলে কোৱালিফায়িং মেচত অংশগ্ৰহণ কৰিব ৷
![হকী দলৰ মূখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি গ্ৰাহাম ৰেইদক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2949213-thumbnail-3x2-hockey-2.jpg)
TEAM INDIA
অষ্ট্ৰেলিয়া দলক 1992 চনৰ বাৰ্চিলোনা অলিম্পিকত ৰূপৰ পদক জয়ী কৰোৱাত অন্যতম ভূমিকা গ্ৰহণ কৰিছিল ৰেইদে ৷ গ্ৰাহাম ৰেইদৰ প্ৰশিক্ষণতে অষ্ট্ৰেলিয়াই 2014 চনৰ কমনৱেলথ্ গেমছ, 2015 চনৰ বিশ্ব লীগ আৰু 2016 চনৰ চেম্পিয়নছ্ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছিল ৷