স্পৰ্টছ ডেস্ক, 29 আগষ্ট :দেশৰ কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে ভাৰতৰ অন্যতম হকী কিংবদন্তি খেলুৱৈ তথা অলিম্পিয়ান মেজৰ ধ্যান চান্দক তেওঁৰ 115সংখ্যক জন্ম তিথিত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত থকা অলিম্পিয়ান তথা কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ পূৰ্ণাংগ মূৰ্তিত শ্ৰদ্ধা অৰ্পন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
দেশৰ প্ৰতি সন্মান কঢ়িয়াই আনিবলৈ এইগৰাকী মহান খেলুৱৈয়ে তেওঁৰ সৰ্বোচ্চ উজাৰি দিছিল আৰু অলিম্পিকত ভাৰতক পদক বিজয়ী কৰিবলৈ সক্ষম হৈছিল ৷ খেলুৱৈগৰাকীৰ হকীৰ প্ৰতি থকা আত্মসমৰ্পনৰ বাবে ভাৰতীয় স্থলসেনাই তেওঁক সন্মানজনকভাৱে মেজৰ হিচাপে নিযুক্তি দিছিল ৷
আনহাতে ৰিজিজুৱে ধ্যান চান্দক শ্ৰদ্ধা অৰ্পন কৰাৰ লগতে এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি প্ৰদান কৰা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাৰ প্ৰাইজমানি বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে ৷ অৰ্জুন আৰু খেল ৰত্ন বঁটাৰ প্ৰাইজমানি 15 লাখৰ পৰা 25 লাখলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰীগৰাকীয়ে ৷