অসম

assam

By

Published : Feb 7, 2020, 7:40 PM IST

ETV Bharat / sports

কৰ'ণাভাইৰাছ আতংক : মহিলা হকী দলৰ চীন ভ্ৰমণ বাতিল

ভাৰতীয় মহিলা হকী দলৰ চীন ভ্ৰমণ বাতিল ৷ চীনত বিধংসী ৰূপ ধাৰণ কৰা কৰ'ণাভাইৰাছৰ বাবে বাতিল কৰা হৈছে এই ভ্ৰমণ ৷

চীন ভ্ৰমণ বাতিল
ভাৰতীয় মহিলা হকী দল

স্পৰ্টছ ডেস্ক, 7 ফেব্ৰুৱাৰী : প্ৰাণনাশক কৰ'ণাভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত চীন ভ্ৰমণ বাতিল হৈছে ভাৰতীয় মহিলা হকী দলৰ ৷ উল্লেখ্য যে, 14 মাৰ্চৰ পৰা 25 মাৰ্চলৈ ভাৰতীয় দলটোৱে অলিম্পিকৰ প্ৰস্তুতি হিচাপে চীন ভ্ৰমণ কৰাৰ কথা আছিল ৷

কৰ'ণাভাইৰাছৰ ফলত প্ৰভাৱিত টুৰ্ণামেন্ট

বৰ্তমানলৈকে চীনত প্ৰায় 636 জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে 31,161 জন আক্ৰান্ত হৈছে কৰ'ণাভাইৰাছত ৷

এই সম্পৰ্কত ভাৰতীয় দলটোৰ অধিনায়ক ৰাণী ৰামপালে কয়, "আমি চীন ভ্ৰমণ কৰাৰ কথা আছিল যদিও কৰ'ণাভাইৰাছৰ বাবে বাতিল কৰা হৈছে ৷"

এই ভ্ৰমণ বাতিল হোৱাৰ ফলত অলিম্পিকৰ পূৰ্বে প্ৰস্তুতিৰ বাবে শীৰ্ষ স্থানৰ দল বিচাৰি উলিয়াবলৈ হকী ফেডাৰেছন বিপাঙত পৰিছে ৷ যিহেতু শীৰ্ষ দল আৰ্জেন্টিনা, বেলজিয়াম, অষ্ট্ৰেলিয়া, জাৰ্মানী, চীন, গ্ৰেট ব্ৰিটেইন, নিউজিলেণ্ড আৰু আমেৰিকাই FIH Pro Hockey League ত অংশগ্ৰহণ কৰিছে ৷

অলিম্পিকলৈ মাজত পাঁচ মাহতকৈ কম দিন থকাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে ফেডাৰেছন ৷

আৰু পঢ়ক : চীন, ম্যানমাৰৰ আমদানীকৃত খাদ্যত প্ৰতিবন্ধকতা মনিপুৰৰ

ABOUT THE AUTHOR

...view details