ৰাষ্ট্ৰীয় খেল দিৱসঃ দেশজুৰি ধ্যানচাঁদৰ জন্মদিন পালন - National Sports Day News
29 আগষ্টত ৰাষ্ট্ৰীয় খেল দিৱস ৷ হকীৰ কিংবদন্তী ধ্যানচাঁদৰ জন্মদিনত দেশযোৰা কাৰ্যসূচী পালন ৷ হকীৰ যাদুকৰৰ গৌৰৱোজ্জ্বল সোঁৱৰণ ৷
স্প’ৰ্টছ ডেস্ক, 28 আগষ্টঃ ‘‘হকীৰ যাদুকৰ’’ নামেৰে খ্যাত মেজৰ ধ্যানচাঁদৰ 114তম জন্মদিন 29 আগষ্টত পালন কৰা হ’ব ৷ এই কিংবদন্তী খেলুৱৈগৰাকীৰ জন্মদিনতেই সমগ্ৰ দেশজুৰি ‘‘ৰাষ্ট্ৰীয় খেল দিৱস’’ উদযাপন কৰা হৈ আহিছে ৷ 1905 চনৰ 29 আগষ্টত এলাহাবাদৰ এক ৰাজপুত পৰিয়ালত জন্মগ্ৰহণ কৰা মেজৰ ধ্যানচাঁদ হকীৰ ইতিহাসৰ ভিতৰতেই অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৷ ৰাষ্ট্ৰীয় খেল দিৱসতেই ৰাষ্ট্ৰপতিয়ে ৰাজীৱ গান্ধী খেল ৰত্ন, অৰ্জুন আৰু দ্ৰোণাচাৰ্য আদি বঁটাসমূহ প্ৰদান কৰে ৷ 16 বছৰ বয়সতেই ধ্যানচাঁদে ব্ৰিটিছ-ভাৰতীয় সেনাত যোগদান কৰে ৷ তাৰ পাচতেই নিউজিলেণ্ড ভ্ৰমণলৈ যোৱা ভাৰতীয় সেনাৰ হকী দলত নিৰ্বাচিত হৈ অনদব্য প্ৰদৰ্শনেৰে 18 খন খেলত জয়লাভ কৰিবলৈ সক্ষম হয়৷ 1927 চনত তেওঁ লেন্সনায়কলৈ পদোন্নীত হয় আৰু 1956 চনত মেজৰ পদবীৰে অৱসৰ গ্ৰহণ কৰে ৷ ধ্যানচাঁদে 1928 চনত ভাৰতীয় দলত নিৰ্বাচিত হৈ গ্ৰীষ্মকালীন অলিম্পিকত স্বৰ্ণপদক আঁজুৰি আনে ৷ এই অলিম্পিকৰ ফাইনেল খেলত ধ্যানচাঁদে দুটাকৈ গোল কৰিবলৈ সক্ষম হয় ৷ তেওঁ তিনিবাৰকৈ অলিম্পিকত ভাৰতীয় হকী দলক প্ৰতিনিধিত্ব কৰি তিনিওবাৰতেই ভাৰতক স্বৰ্ণপদকেৰে গৌৰৱান্বিত কৰে ৷ 1932 চনত ভাৰতীয় হকী দলে 133 খন মেচত দিয়া 338 গোলৰ ভিতৰত 133 টা গোলৰেই গোলদাতা ধ্যানচাঁদ আছিল ৷ ধ্যানচাঁদে দ্বিতীয় বিশ্বযুদ্ধৰ আগেয়ে ভাৰতক 1928(আমষ্টাৰডাম), 1932(লছ এন্জেলছ), 1936(বাৰ্লিন) অলিম্পিকত একেৰাহে তিনিবাৰ স্বৰ্ণপদক আনি দিয়াত মূখ্য ভূমিকা লয় ৷