অসম

assam

হাস্পতাললৈ প্ৰেৰণ ক'ভিডত আক্ৰান্ত ছয় হকী খেলুৱৈ : SAI

By

Published : Aug 12, 2020, 1:35 PM IST

ভাৰতীয় পুৰুষ হকী দলৰ ছয় খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আটাইকেইজনকে বাংগালোৰৰ এখন মাল্টি স্পেছিয়েলিটী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে ভাৰতীয় ক্ৰীড়া পৰিষদে (SAI) ৷

বাংগালোৰৰ এখন মাল্টি স্পেছিয়েলিটী হাস্পতালত ভৰ্তি
হাস্পতাললৈ প্ৰেৰণ ক'ভিডত আক্ৰান্ত ছয় হকী খেলুৱৈ

স্পৰ্টছ ডেস্ক, 12 আগষ্ট : ভাৰতীয় পুৰুষ হকী দলৰ ছয় খেলুৱৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে ৷ আটাইকেইজনকে বাংগালোৰৰ এখন মাল্টি স্পেছিয়েলিটী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে ভাৰতীয় ক্ৰীড়া পৰিষদে (SAI) ৷ ইয়াৰ পূৰ্বে অক্সিজেনৰ স্তৰ হ্ৰাস পোৱা বাবে সোমবাৰৰ নিশা ষ্ট্ৰাইকাৰ মন্দীপ সিঙক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ৷

ভাৰতীয় হকী খেলুৱৈ

SAI য়ে জানিবলৈ দিয়ে যে, সতৰ্কমূলক ব্যৱস্থা হিচাপে অধিনায়ক মনপ্ৰীত সিং, জছকৰণ সিং, সুৰেন্দৰ কুমাৰ, বৰুণ কুমাৰ আৰু কৃষ্ণন বি পাঠকক এচ. এচ. স্পৰ্শ মাল্টি স্পেছিয়েলিটী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ এই হাস্পতালতে মঙলবাৰৰ বিয়লি ভাগৰ পৰা চিকিৎসাধীন হৈ আছে মন্দীপ ৷

SAI য়ে কয়, "তেওঁলোকক চিকিৎসাধীন কৰাৰ কাৰণ হৈছে খেলুৱৈসকলৰ সকলো ধৰণৰ চিকিৎসা তথা উন্নত স্বাস্থ্য নিশ্চিত কৰা ৷" বৰ্তমান তেওঁলোকৰ স্বাস্থ্য উন্নত বুলি জানিবলৈ দিয়ে SAI য়ে ৷

ভাৰতীয় হকী খেলুৱৈ

এই সম্পৰ্কত মন্দীপে কয়, "SAI কেম্পাছত মই কোৱাৰেন্টাইনত আছো আৰু SAI কৰ্তৃপক্ষই যিদৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে তাক লৈ মই সুখী ৷ খেলুৱৈসকলৰ বাবে পৰীক্ষণ বাধ্যতামূলক কৰি দিয়া বাবে মই সুখী ৷ ইয়াৰ জৰিয়তে সমস্যাসমূহ সঠিক সময়ত সমাধান কৰিব পৰা যাব ৷ মোৰ স্বাস্থ্য উন্নত আৰু অতি সোনকালেই ক'ভিডক পৰাস্ত কৰিম ৷"

লগতে পঢ়ক :আইপিএল 2020 : 21 আগষ্টত আৰৱলৈ উৰা মাৰিব চেন্নাই দলে

ABOUT THE AUTHOR

...view details