অসম

assam

ETV Bharat / sports

মধ্য প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা, মৃত্যু চাৰিগৰাকী হকী খেলুৱৈৰ

69 নং ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি ৷ মধ্যপ্ৰদেশৰ হৌচাংগাবাদত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত চাৰিগৰাকী হকী খেলুৱৈৰ লগতে আহত চাৰিজন ৷

মধ্য প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা, মৃত্যু চাৰিগৰাকী হকী খেলুৱৈৰ

By

Published : Oct 14, 2019, 4:14 PM IST

স্পৰ্টছ ডেস্ক, 14 অক্টোবৰঃমধ্যপ্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা ৷ প্ৰাণ গ’ল চাৰি হকী খেলুৱৈৰ ৷ মধ্য প্ৰদেশৰ ইটাৰচীৰ পৰা হৌচাংগাবাদত লৈ আহি থকা সময়ত 69 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত নিহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাৰিগৰাকীকৈ হকী খেলুৱৈৰ লগতে আহত তিনিগৰাকী খেলুৱৈ ৷

হৌচাংগাবাদত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় হকী টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল এই খেলুৱৈ কেইগৰাকীয়ে ৷ দেওবাৰে এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰি বন্ধুৰ জন্মদিন পালনৰ বাবে ইটাৰচী ৰৈ গৈছিল খেলুৱৈসকল ৷ তাৰ পৰাই উভতি অহাৰ সময়তে এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুক সাৱতিবলগীয়া হয় খেলুৱৈ কেইজন ৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত খুন্দা মাৰে মাৰুতী ছুইফট ডিজাইয়াৰ বাহনখনে ৷ নিহত হোৱা খেলুৱৈ কেইজন হৈছে- শাহনবাজ খান (ইণ্ডোৰ), আদৰ্শ হৰদুৱা (ইটাৰচী), আশীষ লাল (জৱলপুৰ), অনিকেত(গোৱলিয়াৰ) ৷

ABOUT THE AUTHOR

...view details