স্পৰ্টছ ডেস্ক,৭ অক্টোবৰ :আহি আছে বিশ্ব কাপ ফুটবল । বিশ্বৰ বৃহৎ ফুটবলৰ দলবোৰে সম্প্ৰতি যোগ্যতা অৰ্জনৰ যুঁজ অব্যাহত ৰাখিছে । এইবাৰ আৰ্জেণ্টিনাৰ দলক নেতৃত্ব দিব বিশ্ববিখ্যাত ফুটবল তাৰকা লিঅ'নেল মেছিয়ে । ইয়াৰ মাজতে আৰ্জেণ্টিনা আৰু মেছিৰ অনুৰাগীৰ বাবে এক ভাল খবৰ । কোৱালিফায়াৰ গেমছৰ বাবে মেছি সম্পূৰ্ণৰূপে ফিট আৰু সাজু ।
মেনেজাৰ লিয়োনেল স্কালোনিয়ে (manager Lionel Scaloni) এই কথা ঘোষণা কৰি কয় যে পাৰাগুৱে, উৰুগুৱে আৰু পেৰুৰ বিৰুদ্ধে দক্ষিণ আমেৰিকাৰ বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ খেলৰ বাবে সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে মেছি । উল্লেখ্য যে চেপ্টেম্বৰৰ শেষৰ ফালে পেৰিছ ছেইণ্ট জাৰ্মেইনৰ হৈ খেলি থাকোতে আঁঠুত আঘাত পাইছিল ৩৪ বছৰীয়া খেলুৱৈগৰাকীয়ে । তাৰ পাছতে তেওঁ বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ খেলত অংশ ল'ব পাৰিব নে নাই তাক লৈ চৰ্চা চলি আছিল ।
অৱশ্যে সেই আশংকা দূৰ কৰি মেছিয়ে বুধবাৰে দলৰ সতীৰ্থসকলৰ সৈতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে । মেনেজাৰ লিয়োনেল স্কালোনিয়ে কয় যে মেছিয়ে কোনো অসুবিধা নোহোৱাকৈ প্ৰশিক্ষণত অংশ লৈছে । আঘাতৰ পাছত তেওঁ দুখন খেল খেলিছে আৰু সকলো ঠিকেই আছে বুলি মন্তব্য কৰে দলটোৰ মেনেজাৰে ।