স্পৰ্টছ ডেস্ক, 2 জুনঃজাৰ্মানত অনুষ্ঠিত হোৱা স্পেনিছ লীগৰ বুণ্ডেছলীগাত মঙলবাৰে আৰবি লেপজিগ ফুটবল দলটোৰ গুৰুত্বপূৰ্ণ জয় লাভ । এফচি ক'ল্নক পৰাস্ত কৰি বুণ্ডেছলীগাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত উত্তীৰ্ণ হ'ল আৰবি লেপজিগ । মঙলবাৰে অনুষ্ঠিত মেচখনত এফচি ক'ল্নক 4-2 গ'লত পৰাস্ত কৰিবলৈ সক্ষম হয় আৰবি লেপজিগ দলটোৱে ।
লক্ষ্যণীয় যে, 25 বছৰ পাচত জুন মাহত আয়োজন হোৱা এইখন আছিল বুণ্ডেছলীগাৰ প্ৰথমখন মেচ । কৰ'ণা ভাইৰাছ মহামাৰীৰ বাবেই এপ্ৰিল মাহৰ মাজ ভাগত স্থগিত কৰা হৈছিল এই প্ৰতিযোগিতা ।
মেচখনত প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হৈছিল এফচি ক'ল্নৰ হৈ ঝ'ন কাৰ্ড'বাই । 7 মিনিটতেই আৰবি লেপজিগৰ বিৰুদ্ধে এফচি ক'ল্নক অগ্ৰগতি দিবলৈ সক্ষম হৈছিল কাৰ্ড'বাই । ইয়াৰ পাচতেই আৰবি লেপজিগে প্ৰত্যুত্তৰত 20 মিনিটত পাট্ৰিকৰ গ'লৰ বিনিময়ত 1-1 ৰ সমতা স্থাপন কৰিবলৈ সক্ষম হয় । প্ৰথমাৰ্ধৰ খেল সমাপ্তিৰ পূৰ্বে আন এটা গ'ল কৰি আৰবি লেপজিগে 2-1 ৰ অগ্ৰগতি লয় । দলটোৰ হৈ দ্বিতীয়টো গ'ল কৰে ক্ৰিষ্ট'ফাৰ নকুংকুৱে ।