স্পৰ্টছ ডেস্ক, 7 জুন : কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বজুৰি খেলজগতখনো স্থগিত হৈ পৰিছিল ৷ কিন্তু শেহতীয়াকৈ প্ৰীমিয়াৰ লীগৰ লগতে কিছুসংখ্যক বৃহৎ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ সংকেত লাভ কৰা হৈছে ৷ আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ তথা ফুটবল তাৰকা লিয়নেল মেছীয়ো উভতিছে প্ৰশিক্ষণলৈ ৷ লা লিগাত অংশগ্ৰহণৰ বাবে বাৰ্ছিলোনা দলৰ কেম্প নৌত আয়োজন কৰা প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিছে মেছীয়ে ৷
এই সপ্তাহৰ আৰম্ভণিতে বাৰ্ছিলোনাই মন্তব্য কৰিছিল যে, মেছী আঘাতপ্ৰাপ্ত হৈছে আৰু অন্য খেলুৱৈসকলৰ সৈতে প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব নোৱাৰে ৷ সেই সময়ছোৱাত বাৰ্ছিলোনাৰ অধিনায়ক মেছীয়ে ব্যক্তিগতভাৱে প্ৰশিক্ষণ চলাই গৈছিল যদিও শনিবাৰে দলৰ সৈতে যোগ দিয়ে ৷
উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ বাবে লা লিগা স্থগিত হৈ পৰাৰ পাচত প্ৰথমবাৰৰ বাবে বাৰ্ছিলোনাই ৰিয়েল মেলোৰ্কাৰ বিৰুদ্ধে 13 জুনত অৱতীৰ্ণ হ'ব ৷