স্পৰ্টছ ডেস্ক, 4 জুন: বুধবাৰে প্ৰীমিয়াৰ লীগৰ এজন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি । লীগটোৰ টটেইহাম ক্লাৱে সদৰি কৰিছে এই কথা । যোৱা 1,2 জুনত লীগটোৰ ক্লাৱ সমূহৰ 1197 গৰাকী লোকক কৰা হৈছিল COVID-১৯ পৰীক্ষা । ইয়াৰ পাচতেই পোহৰলৈ আহিছে এজন লোক পজিটিভ পোৱাৰ তথ্য় ।
বৰ্তমানে আক্ৰান্ত লোকজনক চেল্ফ আইচ'লেচনত সাত দিনৰ বাবে পঠিওৱা হৈছে বুলি জানিবলৈ দিয়ে । প্ৰীমিয়াৰ লীগটোৰ অখণ্ডতা আৰু পাৰদৰ্শিতাৰ উদ্দেশ্যেই এই তথ্য প্ৰদান কৰা হৈছে যদিও ক্লাৱটোৰ দ্বাৰা কোনো খেলুৱৈ বা লোকৰ বিৱৰণ দিয়া নহয় বুলি স্পষ্ট কৰা হৈছে । লগতে COVID-১৯ পৰীক্ষণৰ পাচত সকলো ফলাফল সাৰ্বজনিক কৰা হ'ব বুলি এক বিবৃতি যোগে প্ৰীমিয়াৰ লীগৰ ফালৰ পৰা সদৰি কৰা হৈছে ।