ইগৰ ষ্টিমেকৰ প্ৰশংসাত পঞ্চমুখ সুনীল চেট্টী - প্ৰাক্তন ক্ৰৱেচিয়ান ফুটবলাৰ
ভাৰতীয় ফুটবল দলৰ নতুন প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰা ইগৰ ষ্টিমেকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে অধিনায়ক সুনীল চেট্টী। অধিনায়ক গৰাকীয়ে জনাই যে, ক্ৰৱেচিয়ান ফুটবলাৰ গৰাকীৰ অভিজ্ঞতাই ভাৰতীয় খেলুৱৈসকলক যথেষ্ট উপকৃত কৰিব।
![ইগৰ ষ্টিমেকৰ প্ৰশংসাত পঞ্চমুখ সুনীল চেট্টী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3290116-thumbnail-3x2-igor-2.jpg)
সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছন
নিউজ ডেস্ক, ১৫মে': ভাৰতীয় ফুটবল দলৰ নতুন প্ৰশিক্ষক ইগৰ ষ্টিমেকৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ভাৰতীয় ফুটবল দলৰ অধিনায়ক তথা সৰ্বাধিক গ'ল সংগ্ৰহকাৰী সুনীল চেট্টী। চেট্টীয়ে মন্তব্য কৰা অনুসৰি, প্ৰাক্তন ক্ৰৱেচিয়ান ফুটবলাৰ গৰাকীৰ অভিজ্ঞতাই ভাৰতীয় খেলুৱৈসকলক যথেষ্ট সহায় কৰিব।এই সুযোগতে ভাৰতীয় খেলুৱৈসকলেও তেওঁৰ পৰা অধিক শিকিবলৈ চেষ্টা কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।