অসম

assam

ETV Bharat / sports

ষ্টেডিয়ামত দৰ্শক বিহীন মেচক লৈ শংকা সুনীল চেত্ৰীৰ !

COVID-১৯ ৰ পাচত ষ্টেডিয়ামত দৰ্শক বিহীনভাৱে মেচ আয়োজন কৰা চিন্তা-চৰ্চাক লৈ শংকিত হৈ পৰিছে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰী । ইপিনে পি.ভি সিন্ধু আৰু অঞ্জুমক প্ৰশংসা সুনীল চেত্ৰীৰ ।

Sunil Chhetri fears empty stadiums will expose footballers' vocabulary of abuses
Sunil Chhetri fears empty stadiums will expose footballers' vocabulary of abuses

By

Published : May 30, 2020, 12:26 PM IST

স্পৰ্টছ ডেস্ক, 30 মে': COVID-১৯ মহামাৰীৰ ফলত দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে ক্ৰীড়াজগতৰ সকলো কাৰ্য-কলাপ । কিন্তু ইয়াৰ মাজতেই বৰ্তমানে লাহে-লাহে পুনৰ খেল পথাৰত খেলুৱৈসকলক অনাৰ প্ৰচেষ্টা অব্যাহত ৰখা আছে । ইতিমধ্যে দৰ্শক বিহীনভাৱে জাৰ্মানীত বুণ্ডেছলীগা আয়োজনৰ খবৰ আহি পৰিছে । আনহাতে ইংলেণ্ডত প্ৰীমিয়াৰ লীগ আৰু স্পেইনত লা-লীগাৰ প্ৰত্য়াৱৰ্তনৰ ওপৰতো ক্ষীপ্ৰতাৰে কাম কৰি থকা হৈছে । দুয়োটা লীগেই দৰ্শক বিহীনভাৱে আয়োজন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে । সম্ভৱত ভাৰতীয় ফুটবলৰ ক্ষেত্ৰতো দেখা পোৱা যাব পাৰে এনে অনুৰূপ দৃশ্য ।

কিন্তু ফুটবলৰ দৰ্শক বিহীন মেচ আয়োজনকলৈ শংকিত হৈ পৰিছে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰী । খেলুৱৈগৰাকীৰ মতে, দৰ্শকৰ অনুপস্থিতিত খেলপথাৰত খেলুৱৈৰ বাৰ্তালাপৰ বিষয়ে সম্প্ৰচাৰৰ জৰিয়তে স্পষ্টকৈ শুনিবলৈ পাব দৰ্শকে । ৰেফাৰীক বাদ দি খেলুৱৈক যিকোনো কথা কোৱাৰ অনুমতি থাকে বুলি উল্লেখ কৰে খেলুৱৈগৰাকীয়ে । ষ্টেডিয়ামত দৰ্শকৰ হৰ্ষোল্লাসত সেই সমূহ বাহিৰলৈ ওলাই নাহিছিল । কিন্তু দৰ্শক অবিহনে হে ভগৱান বুলি কৈ এখন ৱেবিনাৰত শংকা ব্যক্ত কৰে খেলুৱৈগৰাকীয়ে ।

আনহাতে এই দিশত পি.ভি সিন্ধু, অঞ্জুম মৌডগিলে সুন্দৰ কৈ নিজৰ খেল খেলি যায় আৰু তেওঁলোকে কেতিয়াও অপব্যৱহাৰ নকৰে বুলি কয় সুনীল চেত্ৰীয়ে । চেত্ৰীৰ লগতে এই ৱেবিনাৰ অনুষ্ঠানত প্ৰাক্তন ক্ৰিকেটাৰ ৰাহুল দ্ৰাৱিড়, জাহিৰ খান, সিন্ধু, মৌডগিল আৰু অন্যান্য বহু খেলুৱৈ জড়িত থাকে ।

ইপিনে খেলৰ পুনৰ প্ৰত্যাৱৰ্তনৰ দিশত প্ৰথম অৱস্থাত অনুশীলন আৰম্ভ কৰাৰ বিষয়টো সুনিশ্চত কৰিব লাগে বুলি উল্লেখ কৰে ভাৰত তথা বেংগালুৰু এফ চিৰ অধিনায়ক সুনীল চেত্ৰীয়ে । তেওঁ লগতে কয়, কোৰিয়ান লীগ আৰু বুণ্ডেছলীগাত প্ৰত্যেকজন খেলুৱৈৰে অনুশীলনৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰা হৈছে । মেচত যোৱাৰ পূৰ্বে পৰীক্ষণ কৰা হয় তেন্তে ভাইৰাছ অৱস্থিতি নাই বুলি ধৰা হয় । কিন্তু আপুনি নাজানে যদি কাৰোৱাৰ asymptomatic অৱস্থাত থাকে । গতিকে সুৰক্ষাৰ দ্বিতীয় স্তৰৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছে খেলুৱৈগৰাকীয়ে । লগতে তেওঁলোকে আলিংগন নকৰিবলৈ, থুঁ নেপেলাবলৈ, অন্যান্য সামগ্ৰী নকঢ়িয়াবলৈ আহ্বান জনাইছে বুলিও ৱেবিনাৰত উল্লেখ কৰে চেত্ৰীয়ে ।

ABOUT THE AUTHOR

...view details