অসম

assam

ETV Bharat / sports

নৰ্থইষ্ট এফচি বনাম ভাৰত মেচৰ বাবে 'উৎফুল্লিত' ষ্টিমেক - গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'ব মেচ

ফিফা বিশ্বকাপ, 2022 কোৱালিফায়াৰত বাংলাদেশৰ বিৰুদ্ধে যুঁজৰ পূৰ্বে নৰ্থইষ্ট এফচিৰ সৈতে বন্ধুত্বপূৰ্ণ মেচক লৈ উৎফুল্লিত হৈ পৰিছে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেক ৷ ভাৰত আৰু নৰ্থইষ্ট এফচিৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ'ব এখন বন্ধুত্বপূৰ্ণ ফুটবল মেচ ৷

ভাৰতীয় দলৰ সৈতে ইগৰ ষ্টিমেক

By

Published : Oct 9, 2019, 2:36 PM IST

স্পৰ্টছ ডেস্ক, 9 অক্টোবৰ : ফিফা বিশ্বকাপ, 2022 কোৱালিফায়াৰত বাংলাদেশৰ বিৰুদ্ধে যুঁজৰ পূৰ্বে নৰ্থইষ্ট এফচিৰ সৈতে বন্ধুত্বপূৰ্ণ মেচক লৈ উৎফুল্লিত হৈ পৰিছে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেক ৷ এই সম্পৰ্কত ষ্টিমেকে মন্তব্য কৰে, "নৰ্থইষ্ট এফচিৰ বিৰুদ্ধে খেলাৰ সুবিধা লাভ কৰাৰ বাবে যথেষ্ট সুখী ৷ এই মেচে বাংলাদেশৰ বিৰুদ্ধে মেচৰ বাবে দলৰ খেলুৱৈসকলক যথেষ্ট সহায় কৰিব ৷ এয়া তীব্ৰ প্ৰতিদ্বন্দিতামূলক হ'ব বুলি আশা কৰিছো ৷"

উল্লেখ্য যে, বাংলাদেশৰ বিৰুদ্ধে মেচৰ পূৰ্বে ভাৰতীয় দলে প্ৰস্তুতিৰ বাবে গুৱাহাটীত বাহৰ পাতিছে ৷ অক্টোবৰৰ 15 তাৰিখে বাংলাদেশৰ বিৰুদ্ধে ছল্ট লেক ষ্টেডিয়ামত তৃতীয়খন অলিম্পিক কোৱালিফায়াৰত অংশগ্ৰহণ কৰিব ভাৰতীয় দলে ৷

ইয়াৰ পূৰ্বৰ বিশ্বকাপ কোৱালিফায়াৰৰ মেচত কাটাৰৰ বিৰুদ্ধে গ'লশূন্য ভাৱে ড্ৰ' খেলিছিল ভাৰতীয় দলটোৱে ৷ উল্লেখ্য যে, নৰ্থইষ্ট এফচিৰ প্ৰশিক্ষক ৰবাৰ্ট জাৰ্নি হৈছে ইগৰ ষ্টিমেকৰ একালৰ ক্ৰ'ৱেচিয়া দলৰ সতীৰ্থ ৷ এই সম্পৰ্কত ষ্টিমেকে মন্তব্য কৰে, "এয়া দুয়োগৰাকীৰ বাবেই সুখৰ বিষয় ৷ তেওঁ এজন ভাল খেলুৱৈৰ লগতে এজন ভাল প্ৰশিক্ষকো হয় ৷ নৰ্থইষ্ট এফচিৰ সৈতে এটা সফল কেৰিয়াৰৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিলো ৷"

ভাৰত বনাম নৰ্থইষ্ট এফচি

ভাৰত আৰু নৰ্থইষ্ট এফচিৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ'ব এখন বন্ধুত্বপূৰ্ণ ফুটবল মেচ ৷ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত 9 অক্টোবৰত বিয়লি 7:30 বজাৰ পৰা আৰম্ভ হ'ব মেচখন ৷

ABOUT THE AUTHOR

...view details