অসম

assam

ETV Bharat / sports

ক্ৰীড়া প্ৰাধিকৰণে আৰম্ভ কৰিব খেলো ইণ্ডিয়া ছোৱালী লীগ - ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে আৰম্ভ কৰা খেলো ইণ্ডিয়া লীগৰ পাছতে এইবাৰ আয়োজিত কৰিব খেলো ইণ্ডিয়া ছোৱালী লীগ (KIGL) ৷ সৰ্বভাৰতীয় ফুটবল ফেডাৰেছনে KIGL ৰ সহযোগত প্ৰথমেই আয়োজন কৰিব খেলো ইণ্ডিয়া ছোৱালী ফুটবল লীগ ৷

ক্ৰীড়া প্ৰাধিকৰণে আৰম্ভ কৰিব খেলো ইণ্ডিয়া ছোৱালী লীগ

By

Published : Sep 24, 2019, 3:54 PM IST

স্পৰ্টছ ডেস্ক, 24 ছেপ্টেম্বৰ : ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে আৰম্ভ কৰা খেলো ইণ্ডিয়া লীগৰ পাছতে এইবাৰ আয়োজিত কৰিব খেলো ইণ্ডিয়া ছোৱালী লীগ (KIGL) ৷ সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছনে KIGL ৰ সহযোগত প্ৰথমেই আয়োজন কৰিব খেলো ইণ্ডিয়া ছোৱালী ফুটবল লীগ ৷

এই সম্পৰ্কত সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেছনে মন্তব্য কৰে যে, "ভাৰতত ক্ৰীড়া সংস্কৃতি বৰ্তমানেও নৱতম ৷ ছোৱালীৰ বাবে সকলো ধৰণৰ প্লেটফৰ্ম প্ৰদান কৰিবৰ বাবে আৰু তেওঁলোকৰ অভিভাৱককো অনুপ্ৰেৰণা যোগোৱাৰ বাবে এই লীগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷"

ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজু

এই সম্পৰ্কত ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুয়ে মন্তব্য কৰে, "AIFF য়ে আমাৰ সৈতে ছোৱালীৰ বাবে ফুটবল লীগ আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মই সুখী ৷ এয়া আৰম্ভণি, অন্য খেলতো আমি অতি সোনকালেই লীগ পৰ্যায়ৰ মেচৰ আয়োজন কৰিবলৈ সক্ষম হম ৷"

বৰ্তমানলৈকে KIGL য়ে 17 বছৰ অনুৰ্ধ ছোৱালীৰ বাবে ফুটবল মেচৰ আয়োজন কৰিছে ৷ অহা দুই বছৰৰ ভিতৰত 13 আৰু 15 বছৰ অনুৰ্ধ ছোৱালীৰ বাবেও ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰাৰ চিন্তা - চৰ্চা কৰিছে বুলি জানিবলৈ দিয়ে AIFF য়ে ৷

ABOUT THE AUTHOR

...view details