স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ :UEFA নেশ্যনছ লীগৰ ছেমি ফাইনেলত স্থান সুনিশ্চিত কৰিছে স্পেইন দলে ৷ জাৰ্মানীক 6-0 ব্যৱধানত ধৰাশায়ী কৰি নেশ্যনছ লীগৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে স্পেইনে ৷ মঙলবাৰৰ নিশা অনুষ্ঠিত মেচত জাৰ্মানীৰ বিৰুদ্ধে প্ৰথমজন হেট্ৰিক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হয় স্পেনিছ ফুটবলাৰ ফেৰান টৰেছ ৷ মেচখনৰ আৰম্ভণিৰ পৰা অন্তলৈকে স্পেইনে জাৰ্মানীক সম্পূৰ্ণৰূপে দমন কৰিবলৈ সক্ষম হয় ৷
লা কাৰ্টুজা ষ্টেডিয়ামত অনুষ্ঠিত মেচত 17 মিনিটত প্ৰথমটো গ'ল কৰে মোৰাতাই ৷ ইয়াৰ পাচতে মনোবল বৃদ্ধি পোৱা স্পেইনে প্ৰতিপক্ষৰ গ'লপোষ্টত আক্ৰমণ কৰা আৰম্ভ কৰে ৷ 33 মিনিটত দ্বিতীয়টো গ'ল কৰে মানচেষ্টাৰ চিটীৰ তাৰকা ফুটবলাৰ ফেৰান টৰেছে ৷ এক কৰ্ণাৰ প্ৰতিৰোধ কৰিবলৈ জাৰ্মান দল অক্ষম হোৱা বাবে 38 মিনিটত তৃতীয়টো গ'ল কৰে ৰড্ৰিয়ে ৷
ছাৰ্জিঅ' ৰামোছে হাফ টাইমৰ কিছু পূৰ্বে হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে খেলপথাৰ ত্যাগ কৰিবলগা হয় আৰু তেওঁৰ পৰিৱৰ্তে খেলপথাৰত নামে এৰিক গাৰচিয়া ৷