অসম

assam

ETV Bharat / sports

ছুইজাৰলেণ্ডক হৰুৱাই Euro Cup ৰ ছেমি ফাইনেলত স্পেইন - Euro cup 2008 and 2012 winner

ছুইজাৰলেণ্ডক পেনাল্টি শ্বুট আউটত পৰাস্ত কৰি ছেমি ফাইনেলত স্পেইন । স্পেইনে মঙলবাৰে লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত ছেমি ফাইনেলত ইটালীৰ সৈতে অৱতীৰ্ণ হ'ব । স্পেইন দলটোৱে ইয়াৰ পূৰ্বে ২০০৮ আৰু ২০১২ চনত ইউৰোপীয় খিতাপ দখল কৰিছিল ।

Euro 2020
ছুইজাৰলেণ্ডক হৰুৱাই Euro Cup ৰ ছেমি ফাইনেলত স্পেইন

By

Published : Jul 3, 2021, 2:15 PM IST

স্প’ৰ্টছ ডেস্ক,৩ জুলাই : অতি ৰোমাঞ্চকৰ খেল আছিল ইউৰো কাপৰ (Euro cup) কোৱাৰ্টাৰ ফাইনেল । শুকুৰবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে ৩-১ পেনাল্টি শ্বুট আউট গ’লত জয় লাভ কৰে স্পেইনে । ইয়াৰ লগে লগে ইউৰো কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে দলটো ।

এই হাই ভল্টেজ খেলখনত জয়ী হোৱাৰ পিছতে খেল পথাৰৰ চাৰিওফালে অতি শান্ত দেখা গ'ল স্পেইনৰ প্ৰশিক্ষক লুইছ এনৰিকক (Luis Enrique) । খেলৰ পিছতে নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে তেওঁ দলটোক আৰাম কৰিব দিছে আৰু বিজয় উপভোগ কৰিবলৈ কৈছে । ইফালে ১-১ গ’লত দুয়োটা দলে ড্ৰ খেলাৰ পিছতে অতি জনপ্ৰিয় হৈ পৰা ছুইজাৰলেণ্ডৰ দলটোৰ প্ৰতি দৰ্শকসকলে যথেষ্ট আশা কৰিছিল ।

কিন্তু পেনাল্টিৰ সুবিধা লোৱাত বঞ্চিত হয় দলটো । ইফালে মাইকেল অয়াৰজাবালে ছুইজাৰলেণ্ডৰ গলকীপাৰ য়ান চমাৰক কোনো সুবিধাই নিদিলে পেনাল্টি ৰক্ষা কৰিবলৈ আৰু বিজয়ী গ’লটো দিবলৈ সক্ষম হয় । কিন্তু কোনেও ভবা নাছিল য়ান চমাৰ বিফল হ'ব বুলি কাৰণ ফ্ৰাঞ্চৰ কেলিয়ান এমবাপেৰ পেনাল্টি শ্ব'ট ৰক্ষা কৰি প্ৰথমবাৰলৈ ছেমি ফাইনেলত প্ৰৱেশ কৰাত ছুইজাৰলেণ্ড দলটোক সহায় কৰিছিল ।

আনহাতে পেনাল্টি গ’ল দিবলৈ সক্ষম হোৱাৰ লগে লগে স্পেইনৰ মাইকেল অয়াৰজাবালে তেওঁলোকৰ দলৰ গলকীপাৰ উনাই চাইমনৰ ফালে আগবাঢ়ি যায় আৰু আনন্দত মতলীয়া হৈ পৰে ৷ কিয়নো উনাই চাইমনে ইয়াৰ পূৰ্বে ছুইজাৰলেণ্ডৰ দুটাকৈ পেনাল্টি ৰক্ষা কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে চুইজাৰলেণ্ডে ইয়াৰ পূৰ্বৰ খেলখনত ফ্ৰাঞ্চৰ বিৰুদ্ধে পেনাল্টি শ্বুট আউট খেলিছিল ।

ফ্ৰাঞ্চৰ বিৰুদ্ধে ছুইজাৰলেণ্ডৰ খেলুৱৈসকলে ৫ টাকৈ গ’ল কৰে কিন্তু স্পেইনৰ বিৰুদ্ধে তিনিটাকৈ পেনাল্টিত বিফল হয় । খেলত ছুইজাৰলেণ্ডৰ অধিনায়ক জাৰদান শ্বাকিৰীয়ে কয় যে পেনাল্টিবোৰ সদায় দুয়োটা দলৰ বাবে ৫০-৫০ হয় । তেওঁ বিশ্বাস কৰে যে দলটোৰ ভাগ্য কিছু বেয়া আছিল । স্পেইনে মঙলবাৰে লণ্ডনৰ ৱেম্বলী ষ্টেডিয়ামত ছেমি ফাইনেলত ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । ইফালে স্পেইন দলটোৱে ইয়াৰ পূৰ্বে ২০০৮ আৰু ২০১২ চনত ইউৰোপীয় খিতাপ দখল কৰিছিল ।

শুকুৰবাৰৰ খেলখনত ছুইজাৰলেণ্ডৰ মিডফিল্ডাৰ ৰেমো ফ্ৰেউলাৰক ৭৮ মিনিটত ৰঙা কাৰ্ড প্ৰদৰ্শন কৰা হয় । খেলৰ প্ৰথমাৰ্ধৰ ৮ মিনিটতে স্পেইনৰ দেনিশ জাকাৰিয়াই এটা গ’লেৰে দলটোক আগুৱাই ৰাখিছিল । কিন্তু দ্বিতীয়াৰ্ধৰ শেষলৈ ৬৮ মিনিটত শ্বাকিৰীৰ এটা গ’লে ছুইজাৰলেণ্ডক কিছু আত্মবিশ্বাসী কৰি তোলে । ছুইজাৰলেণ্ড একেখন ষ্টেডিয়ামতে ২০১৮ চনৰ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ।

লগতে পঢ়ক:ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত মিথালী আৰু অশ্বিন

ABOUT THE AUTHOR

...view details