নিউজ ডেস্ক, 26 মাৰ্চঃসোমবাৰে অনুষ্ঠিত ইউৰো 2020 কোৱালিফায়িং মেচত পৰ্টুগালৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ খেলপথাৰ এৰিব লগা হয় ৷ ছাৰ্বিয়াৰ বিৰুদ্ধে অনুষ্ঠিত খেলত দুয়োটা দলে 1-1 গ'লত সমতা স্থাপন কৰাৰ ফলত ড্ৰ হিচাপে সমাপ্ত হয় ৷ ছাৰ্বিয়াৰ হৈ দুছান টেডিকে 7 মিনিটত গ'ল কৰাৰ বিপৰীতে পৰ্টুগালৰ হৈ পেৰেইৰাই 42 মিনিটত গ'ল কৰিবলৈ সক্ষম হয় ৷
ইউৰো 2020 কোৱালিফায়িং মেচত আঘাতপ্ৰাপ্ত ৰোনাল্ডো - ETV BHARAT
ছাৰ্বিয়াৰ বিৰুদ্ধে 1-1 গ'লত ড্ৰ পৰ্টুগালৰ

RONALDO INJURED : EURO 2020 QUALIFIER
উল্লেখ্য যে ইউৰো 2020 কোৱালিফায়িং টুৰ্ণামেণ্ট হৈছে পুৰুষৰ ৰাষ্ট্ৰীয় দলসমূহৰ মাজত অনুষ্ঠিত হোৱা ইউৰো 2020 ফাইনেলৰ যোগ্যতা অৰ্জনকাৰী প্ৰতিযোগিতা ৷ মাৰ্চ 2019 ৰ পৰা মাৰ্চ 2020 লৈকে প্ৰায় এবছৰ জুৰি অনুষ্ঠিত হয় এই প্ৰতিযোগিতা ৷