স্পৰ্টছ ডেস্ক, 23 আগষ্ট :দেওবাৰে চেম্পিয়নছ লীগৰ ফাইনেলত মুখামুখি হ’ব পেৰিছ ছেণ্ট জাৰ্মেন বনাম বেয়ার্ন মিউনিখ ৷ পোন প্ৰথমবাৰৰ বাবে খিতাপ জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব পেৰিছ ছেণ্ট জাৰ্মেন দলটো ৷ অৱশ্যে দলটোৰ বাবে কঠিন প্ৰত্যাহ্বান হিচাপে থিয় দিব বিৰোধী পক্ষত থকা পাঁচবাৰৰ চেম্পিয়ন বেয়ার্ন মিউনিখ দলটোৱে ৷
পূৰ্বতে এই ফাইনেল মেচখন মে’ মাহত ইস্তানবুলত অনুষ্ঠিত কৰাৰ কথা আছিল যদিও ক’ভিড-19 ৰ ফলতেই শেহতীয়াকৈ লিস্বনত অনুষ্ঠিত কৰা হ’ব চূড়ান্ত মেচখন ৷ চূড়ান্ত মেচখনত খেলুৱৈ আৰু মেচ বিষয়া সকল লৈ অতি কম সংখ্যক লোকহে উপস্থিত থাকিব ৷ ষ্টেডিয়ামত প্ৰৱেশ কৰাৰ পূৰ্বে সকলো লোকৰে ক’ভিড-19 ৰ পৰীক্ষা কৰা হ’ব ৷