স্পৰ্টছ ডেস্ক, 22 জুনঃআঘাতৰ ছয়মাহৰ পাচত প্ৰত্যাৱৰ্তন কৰিয়ে প্ৰীমিয়াৰ লীগত চেল্সীৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন 21 বছৰীয়া যুৱ খেলুৱৈগৰাকী পুলিছিকৰ । মাংসপেশীৰ আঘাতৰ বাবেই দীৰ্ঘদিন ধৰি খেলপথাৰৰ পৰা বিৰত থাকিবলগীয়া হৈছিল খেলুৱৈগৰাকীয়ে ।
কিন্তু দেওবাৰে অনুষ্ঠিত এখন মেচত প্ৰত্যাৱৰ্তনৰ নিজৰ প্ৰথমখন মেচত ভুমুকি মাৰিয়ে গ'ল কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকীয়ে । ভিলাৰ বিৰুদ্ধে মেচখনৰ দ্বিতীয়াৰ্ধত প্ৰৱেশ কৰাৰ পাঁচ মিনিটৰ ভিতৰতেই গ'ল কৰি চেল্সীক সমতা স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পুলিছিকে । 55 মিনিটত দলত প্ৰৱেশ কৰি 60 মিনিটত গ'ল কৰিবলৈ সক্ষম হৈছিল পুলিছিকে । ইয়াৰ 2 মিনিটৰ পাচতেই অলিভিয়াৰ গিৰোদৰ আন এটা গ'ল কৰি চেল্সীক 2-1 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় । অৱশ্য়ে মেচখনত 43 মিনিটত প্ৰথমটো গ'ল কৰিছিল এষ্টন ভিলাৰ হৈ কৰ্টনে হাউছে ।