অসম

assam

By

Published : Nov 18, 2019, 10:37 PM IST

ETV Bharat / sports

ৰ’নাল্ডোৰ আন্তঃৰাষ্ট্ৰীয় 99 সংখ্যক গ’ল, ইউৰো কাপলৈ যোগ্যতা অৰ্জন পৰ্তুগালৰ

ইউৰো কাপলৈ যোগ্যতা অৰ্জন পৰ্তুগাল ফুটবল দলৰ ৷ লক্জমবৰ্গক 2-0 গ’লত পৰাস্ত কৰি যোগ্যতা অৰ্জন পৰ্তুগালৰ ৷

ইউৰো কাপলৈ যোগ্যতা অৰ্জন পৰ্তুগাল ফুটবল দলৰ

স্পৰ্টছ ডেস্ক, 18 নৱেম্বৰ:ইউৰো কাপলৈ যোগ্যতা অৰ্জন পৰ্তুগালৰ ৷ লক্জমবৰ্গক 2-0গ’লত পৰাস্ত কৰি যোগ্যতা অৰ্জন ডেফেণ্ডিং চেম্পিয়ন দলটোৰ ৷ মেচখনত পৰ্তুগালৰ হৈ 39 মিনিটত প্ৰথমটো গ’ল কৰে ব্ৰুনো ফৰ্ণাণ্ডিছে ৷ যাৰ পাচত আন এটা গ’ল কৰে পৰ্তুগালৰ তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই ৷ মেচখনত 99 সংখ্যক আন্তঃৰাষ্ট্ৰীয় গ’ল কৰিবলৈ সক্ষম হয় ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই ৷

ইউৰো কাপলৈ যোগ্যতা অৰ্জন পৰ্তুগালৰ

এই জয় লাভেৰে ‘গ্ৰুপ বি’ত দ্বিতীয় স্থান দখল কৰি 2020 ইউৰো কাপলৈ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় দলটোৱে ৷ পৰ্তুগালে ইয়াৰ পূৰ্বে ছাৰ্বিয়া দলটোৰ বিৰুদ্ধে 2-2গ’লত ড্ৰ’ খেলিবলৈ সক্ষম হৈছিল ৷

আগন্তুক বৰ্ষৰ 12 জুনত অনুষ্ঠিত হ’বলগীয়া ইউৰো 2020 ত যোগ্যতা অৰ্জন কৰা 17সংখ্যক দেশ হৈছে পৰ্তুগাল ৷ ইতিমধ্যে বিশ্ব চেম্পিয়নফ্ৰান্স, স্পেইন, ইটালী আৰু ইংলেণ্ড দলে যোগ্যতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

লগতে চাওক- অসমৰ যুৱ প্ৰজন্মৰ হৃদস্পন্দন জুবিন গাৰ্গৰ 48 সংখ্যক ওপজা দিন

ABOUT THE AUTHOR

...view details