অসম

assam

ETV Bharat / sports

কাটাৰৰ বিপক্ষে অৱতীৰ্ণ হোৱাটো সহজ নহয়, ষ্টিমেক - 4/5 জন খেলুৱৈৰ স্থান সলনি কৰাৰ প্ৰয়োজন

ফিফা বিশ্বকাপ, 2022 ৰ দ্বিতীয়খন কোৱালিফায়াৰ্ছ মেচত কাটাৰৰ বিপক্ষে ভাৰতে প্ৰদৰ্শন কৰাটো সহজ নহ'ব বুলি মন্তব্য কৰে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেকে ৷ গ্ৰুপ E ত স্থান লাভ কৰা দলসমূহৰ ভিতৰত কাটাৰ শক্তিশালী দল বুলি মন্তব্য কৰে ষ্টিমেকে ৷

কাটাৰৰ বিপক্ষে অৱতীৰ্ণ হোৱাটো সহজ নহয়, ষ্টিমেক

By

Published : Sep 7, 2019, 8:47 PM IST

স্পৰ্টছ ডেস্ক, 7 ছেপ্তেম্বৰ : ফিফা বিশ্বকাপ, 2022 ৰ দ্বিতীয়খন কোৱালিফায়াৰ্ছ মেচত কাটাৰৰ বিপক্ষে ভাৰতে প্ৰদৰ্শন কৰাটো সহজ নহ'ব বুলি মন্তব্য কৰে ভাৰতীয় ফুটবল দলৰ মুখ্য প্ৰশিক্ষক ইগৰ ষ্টিমেকে ৷ গ্ৰুপ E ত স্থান লাভ কৰা দলসমূহৰ ভিতৰত কাটাৰ শক্তিশালী দল বুলি মন্তব্য কৰে ষ্টিমেকে ৷

কাটাৰৰ বিপক্ষে অৱতীৰ্ণ হোৱাটো সহজ নহয়, ষ্টিমেক

"ওমানৰ সৈতে মেচৰ অন্ত পৰাৰ পাছতে আমাৰ ধ্যান আগন্তুক মেচৰ ওপৰত পৰিছে ৷ কাটাৰ এক শক্তিশালী দল আৰু সেই দলৰ বিৰুদ্ধে প্ৰদৰ্শন কৰাটো সহজ নহ'ব ৷ কিন্তু এয়া শিকিবলৈ এটা সুন্দৰ সুযোগ ৷" - এই মন্তব্য প্ৰশিক্ষক ইগৰ ষ্টিমেকৰ ৷

ফিফা ৰেংকিঙৰ 62 সংখ্যক স্থানৰ কাটাৰৰ বিৰুদ্ধে মেচৰ পূৰ্বে ভাৰতীয় দলৰ 4/5 জন খেলুৱৈৰ স্থান সলনি কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে ষ্টিমেকে ৷ কাটাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই আৰু গ'ল কৰাৰ লগতে সুন্দৰ ফুটবল প্ৰদৰ্শন কৰাৰ ওপৰত গুৰুত্ব দিব বুলি জনাই ষ্টিমেকে ৷

কাটাৰৰ বিপক্ষে অৱতীৰ্ণ হোৱাটো সহজ নহয়, ষ্টিমেক

ফিফা ৰেংকিঙৰ 103 সংখ্যক স্থানৰ ভাৰতে কাটাৰৰ বিৰুদ্ধে দলে সংগঠিত হৈ খেলিলে ভাল প্ৰদৰ্শন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন কোৱালিফায়িং মেচত ভাৰতীয় দলে 1 গ'লত অগ্ৰগতি লাভ কৰিও শেষৰ দহ মিনিটত 2-1 ব্যৱধানত পৰাস্ত হৈছিল ৷ আনহাতে, ছেপ্তেম্বৰৰ 10 তাৰিখে জাছিম বিন হামাদ ষ্টেডিয়ামত কাটাৰৰ বিৰুদ্ধে ভাৰতে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details