অসম

assam

ETV Bharat / sports

প্ৰেৰণাদায়ক লোকৰ সংগত থাকিবলৈ খেলুৱৈক অনুৰোধ সুনীল চেত্ৰীৰ

35 বৰ্ষীয় চেত্ৰীয়ে ভাৰতীয় ফুটবল দলৰ এক অফিচিয়েল ফেছবুক পেজত কয়, "এনে মানুহৰ সংগত থাকক যি আপোনাক উন্নতি কৰিবলৈ আৰু আপোনাৰ সৈতে উন্নতি কৰিবলৈ বিচাৰে ৷ আপোনাৰ শুভাকাংক্ষীয়ে আপোনাক সঠিক পথত পৰিচালিত কৰিব লাগিব আৰু প্ৰতিদিনে উন্নতিৰ পথত আগবাঢ়িবলৈ প্ৰেৰণা প্ৰদান কৰিব লাগিব ৷"

By

Published : Jun 14, 2020, 1:58 PM IST

ভাৰতৰ সফলতম ফুটবল খেলুৱৈ
ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰী

স্পৰ্টছ ডেস্ক, 14 জুন : ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰীয়ে বিশ্বাস কৰে যে, খেলুৱৈসকল এনে লোকৰ সংগত থকা উচিত যিসকলে উন্নতি আৰু সঠিক পথত পৰিচালিত কৰিব পাৰে ৷

35 বৰ্ষীয় চেত্ৰীয়ে ভাৰতীয় ফুটবল দলৰ এক অফিচিয়েল ফেছবুক পেজত কয়, "এনে মানুহৰ সংগত থাকক যি আপোনাক উন্নতি কৰিবলৈ আৰু আপোনাৰ সৈতে উন্নতি কৰিবলৈ বিচাৰে ৷ আপোনাৰ শুভাকাংক্ষীয়ে আপোনাক সঠিক পথত পৰিচালিত কৰিব লাগিব আৰু প্ৰতিদিনে উন্নতিৰ পথত আগবাঢ়িবলৈ প্ৰেৰণা প্ৰদান কৰিব লাগিব ৷"

ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল চেত্ৰী

"মোক উন্নতিৰ পথত পৰিচালিত কৰা লোকসকলে পিছফালৰ পৰা দায়িত্ব পালন কৰে আৰু তেওঁলোক হৈছে মোৰ ঘনিষ্ঠ বন্ধুসকল, পত্নী আৰু পৰিয়াল ৷ মানুহে তেওঁলোকৰ বিষয়ে নাজানে ৷ মইহে বাহিৰলৈ ওলাই যাওঁ দায়িত্ব পালন কৰো ৷ মোক সঠিক পৰামৰ্শ দি আৰু মোৰ ভুলবোৰ মুখৰ আগত কৈ মোৰ উন্নতিত প্ৰতিদিনে তেওঁলোকে অৱদান আগবঢ়ায় ৷"

চেত্ৰীয়ে লগতে কয়, "ফুটবল খেলুৱৈসকলে তেওঁলোকৰ টকা কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কত জনা উচিত ৷ মই এইবোৰত বিশেষজ্ঞ নহয় যদিও মৌলিক বিষয়বোৰ সম্পৰ্কত জানিব লাগে বুলি ভাবো ৷"

"মই দলৰ অন্য খেলুৱৈসকলৰ সৈতে কৰ, বিনিয়োগৰ আঁচনি আৰু অন্যান্য কথাসমূহ আলোচনা কৰো ৷"

উল্লেখ্য যে, চেত্ৰী হৈছে ভাৰতৰ সৰ্বকালৰ শীৰ্ষ গ'লদাতা আৰু আন্তৰাষ্ট্ৰীয় ফুটবলৰ সক্ৰিয় খেলুৱৈসকলৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ গ'লদাতা ৷

2017-18 চনত ইণ্ডিয়ান ছুপাৰ লীগত দেখুওৱা প্ৰদৰ্শনৰ বাবে চেত্ৰীয়ে 'Hero of the League' সন্মান লাভ কৰিছিল ৷ ইয়াৰোপৰি, 2017 চনৰ 'AIFF Player of the Year' সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল সুনীল চেত্ৰীয়ে ৷

লগতে পঢ়ক : ছেপ্তেম্বৰত শ্ৰীলংকাত আইপিএল অনুষ্ঠিত কৰিব পৰা যায় : গাভাস্কাৰ

ABOUT THE AUTHOR

...view details