গুৱাহাটী,30 আগষ্ট: এই বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে নিৰ্দিষ্ট পৰিকল্পনাৰে আগবাঢ়িছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি ৷ ক্ৰোৱেচিয়া 20 বছৰ অনুৰ্ধ দলৰ দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীক এইবাৰ দলটোৰ মূখ্য প্ৰশিক্ষক হিচাপে নিযুক্ত কৰা হৈছে ৷ শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত দলটোৱে এখন সংবাদমেল সম্বোধন কৰে য'ত উপস্থিত থাকে নৱ নিযুক্ত মূখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীৰ লগতে সহকাৰী প্ৰশিক্ষক ছাছা গালাভাচ,খালিড জামিলৰ লগতে ষষ্ঠ সংস্কৰণত নৰ্থ ইষ্ট ইউনাইটেড দলৰ হৈ খেলিব লগা অসমৰ ৰাকেশ প্ৰধান আৰু মিজোৰামৰ লালেংমাও ৷ উৰুগুৱেৰ ২১বছৰীয়া আক্ৰমণকাৰী ষ্ট্ৰাইকাৰ মাৰ্টিন চেভেচও এইবাৰ নৰ্থ ইষ্ট ইউনাইটেড দলত চুক্তিবদ্ধ হৈছে।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ষষ্ঠ সংস্কৰণৰ বাবে সাজু নৰ্থ ইষ্ট ইউনাইটেড এফ চি - নৰ্থ ইষ্ট ইউনাইটেড
শুকুৰবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাৱত নৰ্থ ইষ্ট ইউনাইটেড দলৰ সাংবাদিকক সম্বোধন ৷ এইবাৰ দলটোৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত ক্ৰোৱেচিয়াৰ 20 বছৰ অনুৰ্ধ দলৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নী ৷
সংবাদ মেলখনতে দলটোৰ মুখ্য প্ৰশিক্ষক ৰবাৰ্ট জার্নীয়ে কয় আই এছ এল ষষ্ঠ সংস্কৰণৰ বাবে নৰ্থ ইষ্ট উইনাইটেড দল সাজু ৷ ইতিমধ্যে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যোৱা সপ্তাহৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰিছে দলটোৱে ৷ যোৱা বর্ষতকৈ এইবাৰ দলটোৱে অধিক সাফল্য লাভ লাভ কৰি খিতাপ দখল কৰিবলৈ সক্ষম হ'ব বুলি প্ৰবল আশাবাদী মুখ্য প্ৰশিক্ষক ৰবাৰ্ট ৷ তেওঁ লগতে কয় যে যোৱা বর্ষত দলটোৱে ছেমি ফাইনেল পৰ্যন্ত আগবাঢ়ি গৈছিল কিন্তু শেষ মুহূৰ্তত দলটোৰ আত্মবিশ্বাস কিছু হ্ৰাস হোৱাৰ বাবে ফাইনেল খেলাৰ পৰা বঞ্চিত হব লগা হৈছিল ৷ সেই কথাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দলটোক অধিক আত্মবিশ্বাসেৰে প্ৰতিযোগিতাখনত অৱতীৰ্ণ হ'ব ৷
উল্লেখযোগ্য যে দলটোৱে 21 অক্টোবৰতে নিজৰ অভিযান আৰম্ভ কৰিব যদিও ২৬ অক্টোবৰত হে ঘৰৰ মাটিত দিল্লী ডাইনামোজৰ বিৰোদ্ধে অৱতীৰ্ণ হ'ব ৷