অসম

assam

ETV Bharat / sports

আঘাত স্বত্বেও বিশ্বকাপ কোৱালিফায়িংলৈ নেইমাৰ

ব্ৰাজিলৰ প্ৰশিক্ষক টিটে ভেনিনজুৱেলা আৰু উৰুগুৱেৰ বিৰুদ্ধে 13 আৰু 17 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া কোৱালিফায়িং খেলত অন্তৰ্ভূক্ত কৰিছে ফ্লামেংগোৰ হৈ খেলা ষ্টাইকাৰ পেড্ৰোক ৷ অৱশ্যে দলৰ পৰা বাহিৰ হোৱা নাই আঘাতপ্ৰাপ্ত হৈ থকা নেইমাৰ ৷

By

Published : Nov 7, 2020, 11:29 AM IST

আঘাত স্বত্বেও বিশ্বকাপ কোৱালিফায়িংলৈ নেইমাৰ
আঘাত স্বত্বেও বিশ্বকাপ কোৱালিফায়িংলৈ নেইমাৰ

স্পৰ্টছ ডেস্ক, 7 নৱেম্বৰ :দক্ষিণ আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপ কোৱালিফায়িং খেলৰ বাবে ব্ৰাজিলৰ দলত স্থান পাইছে তাৰকা ফুটবলাৰ নেইমাৰে ৷ ভেনিনজুৱেলা আৰু উৰুগুৱেৰ বিৰুদ্ধে কোৱালিফায়িং খেলত দলীয় একাদশত অন্তৰ্ভুক্ত কৰিছে ফ্লামেংগোৰ হৈ খেলা ষ্টাইকাৰ পেড্ৰোৰ নামো ৷

ব্ৰাজিলৰ প্ৰশিক্ষক টিটে

ব্ৰাজিলৰ প্ৰশিক্ষক টিটেই এই কথা জনাইছে ৷ সেই অনুসৰি, ভেনিনজুৱেলা আৰু উৰুগুৱেৰ বিৰুদ্ধে অহা 13 আৰু 17 নৱেম্বৰত হ'বলগীয়া খেলত অংশগ্ৰহণৰ বাবে ব্ৰাজিলৰ দল সাজু হৈছে আৰু আঘাত স্বত্বেও নেইমাৰে দলত স্থানলাভ কৰিছে ৷ প্ৰশিক্ষক টিটেই নিশ্চিত কৰিছে এই কথা ৷

দলটোৰ চিকিৎসক ডাঃ ৰড্ৰিগো লাছমাৰে জনোৱামতে, নেইমাৰে উৰুগুৱেৰ বিৰুদ্ধে টেৰেচোপলিছত হ'বলগীয়া খেলত অংশগ্ৰহণ কৰিব পাৰিব ৷

আঘাতৰ বাবে ব্ৰাজিলৰ দলৰ পৰা ইতিমধ্যেই বাহিৰত আছে চাৰিগৰাকীকৈ খেলুৱৈ৷ মিডফিল্ডাৰ ফিলিপ কুটিনহো আৰু ফাবিনহো,ডিফেণ্ডাৰ ৰড্ৰিগো কাইয়ো ইতিমধ্যে দলৰ পৰা বাহিৰত আছে ৷ আনহাতে ডিফেণ্ডাৰ ইডাৰ মিলিটো কোভিড-19ত আক্ৰান্ত হোৱাৰ বাবে দলৰ পৰা বাহিৰত আছে ৷ 2018ত ব্ৰাজিলৰ হৈ অভিষেক কৰা পেড্ৰোই নিজৰ অভিষেক খেলতে আঠুত পোৱা আঘাতৰ বাবে দলৰ পৰা বাহিৰত আছিল ৷

নেইমাৰ

ব্যক্তিগত ক্লাৱ ফেমিংগোৰ হৈ খেলা যুৱ খেলুৱৈগৰাকীৰ নামত ক্লাৱটোৰ হৈ 13খন খেলত আছে 8টাকৈ গ'ল ৷ ব্ৰাজিল আৰু আৰ্জেন্টিনাই দক্ষিণ আমেৰিকাৰ কোৱালিফায়িং খেলৰ শীৰ্ষত আছে ৷

লগতে পঢ়ক :সুস্থ হৈছে আজেন্টিনাৰ ফুটবলৰ সম্ৰাট ডিয়েগো মাৰাডোনা

ABOUT THE AUTHOR

...view details