স্পৰ্টছ ডেস্ক, 10 জুনঃ ব্ৰাজিলৰ ফুটবল দলৰ তাৰকা খেলুৱৈ নেইমাৰৰ বিৰুদ্ধে হোমোফোবিয়া বা সমকামিতা ফৌজদাৰী গোচৰ ৰুজু ব্ৰাজিলিয়ান সমকামী অধিকাৰ কৰ্মীৰ । মাতৃৰ প্ৰেমিকাক লৈ সমকামী-বিৰোধী এক মন্তব্য় কৰা এটা অডিঅ' ক্লিপ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিচতেই খেলুৱৈগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ ।
চৰকাৰী অধিবক্তা চাও পাউলোয়ে এক আন্তঃৰাষ্ট্ৰীয় সংবাদ এজেঞ্জিক সদৰি কৰিছে এই কথা। এই বিষয়ে তদন্ত কৰাৰ পাচতেই খেলুৱৈগৰাকীৰ বিৰুদ্ধে গোচৰটো খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। বৰ্তমানলৈকে এই সন্দৰ্ভত নেইমাৰ বিষয়ববীয়াৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰদান কৰা হোৱা নাই ।
নেইমাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে এগ্ৰিপিনো মাগালহেছে নামৰ লোকজনে। সক্ৰিয় সমকামী অধিকাৰী কৰ্মীগৰাকীয়ে অপৰাধমূলক সমকামিতা,ঘৃণাত্মক বক্তব্য আৰু হত্যাৰ ভাবুকিৰ অভিযোগত নেইমাৰ আৰু তেওঁৰ বন্ধুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে । নেইমাৰে এক গেমিং চাইটত ব্যক্তিগত কথোপকথনৰ সময়ত আপত্তিজনক মন্তব্য কৰিছিল । সেই অডিঅ' ক্লিপ ছ'চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰিছে ।