স্পৰ্টছ ডেস্ক, ১২ ফেব্ৰুৱাৰী: ফিফা ক্লাব বিশ্বকাপ ফাইনেলৰ পূৰ্বে COVID-১৯ পজিটিভ জাৰ্মানৰ ফুটবল খেলুৱৈ থমাছ মুলাৰ । বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে ফুটবল ক্লাব বায়াৰ্ন মুনিচে ।
শুকুৰবাৰে টিগ্ৰেছৰ বিৰুদ্ধে ফাইনেল খেল অনুষ্ঠিত হ'ব বায়াৰ্ন মুনিচৰ । এই খেলখনৰ পাচতে মুলাৰে কোৱাৰেন্টাইনত থাকিব বুলিও জনায় । বৃহস্পতিবাৰে ফুটবল ক্লাব বায়াৰ্ন মুনিচৰ আটাইকেইজন খেলুৱৈকে COVID-১৯ পৰীক্ষা কৰোৱা হৈছিল ।