অসম

assam

By

Published : Jan 4, 2021, 10:49 AM IST

ETV Bharat / sports

লা লিগাত বাৰ্চিলোনাৰ হৈ মেছীৰ 500 মেচ সম্পূৰ্ণ

লিয়নেল মেছীয়ে দেওবাৰে লা লিগাত বাৰ্চিলোনাৰ হৈ 500 সংখ্যক মেচত অংশগ্ৰহণ কৰে ৷ আনহাতে, সকলো ধৰণৰ প্ৰতিযোগিতাত বাৰ্চিলোনাৰ হৈ এয়া মেছীৰ 750 সংখ্যক মেচ ৷

Messi makes 500th appearance for Barcelona in La Liga
লা লিগাত বাৰ্চিলোনাৰ হৈ মেছীৰ 500 মেচ সম্পূৰ্ণ

স্পৰ্টছ ডেস্ক, 4 জানুৱাৰী : আৰ্জেন্টিনাৰ ষ্ট্ৰাইকাৰ লিয়নেল মেছীয়ে দেওবাৰে লা লিগাত বাৰ্চিলোনাৰ হৈ 500 সংখ্যক মেচত অংশগ্ৰহণ কৰে ৷ আনহাতে, সকলো ধৰণৰ প্ৰতিযোগিতাত বাৰ্চিলোনাৰ হৈ এয়া মেছীৰ 750 সংখ্যক মেচ ৷ বাৰ্চিলোনাই হোৱেস্কাৰ বিৰুদ্ধে মেচত অৱতীৰ্ণ হোৱাৰ পাচতে এই সাফল্যৰ অধিকাৰী হয় ষ্ট্ৰাইকাৰগৰাকী ৷

লা লিগাত বাৰ্চিলোনাৰ হৈ মেছীৰ 500 মেচ সম্পূৰ্ণ

এইবাৰৰ বিৰুদ্ধে 1-1 ত ড্ৰ হোৱা মেচত অংশগ্ৰহণ কৰা নাছিল মেছীয়ে ৷ কিন্তু দেওবাৰে ৰোনাল্ড কোয়েমেনৰ দলত ষ্ট্ৰাইকাৰগৰাকীয়ে যোগদান কৰে ৷

33 বৰ্ষীয় খেলুৱৈগৰাকীয়ে হোৱেস্কাৰ বিৰুদ্ধে এটাও গ'ল কৰিবলৈ সক্ষম হোৱা নাই যদিও 1-0 ৰ এক জয়ত ফ্ৰেংকি ডি জঙক সহায় কৰিছিল ৷

উল্লেখ্য যে, মেছী হৈছে দ্বিতীয়গৰাকী আৰু স্পেইনৰ বাহিৰত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী খেলুৱৈ যিয়ে বাৰ্চিলোনাৰ হৈ 500 খন মেচত অংশগ্ৰহণ কৰিছে ৷

বাৰ্চিলোনাই বৰ্তমান লা লিগাত 16 খন মেচৰ পৰা 28 পইন্ট সংগ্ৰহ কৰি পঞ্চম স্থান দখল কৰিছে ৷ দলটোৱে বুধবাৰে এথলেটিক ক্লাৱৰ বিৰুদ্ধে এখন মেচত অংশগ্ৰহণ কৰিব ৷

লগতে পঢ়ক :সম্প্ৰতি সুস্থ সৌৰভ গাংগুলী,আন এটি এঞ্জিঅ’প্লাষ্টি কৰাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details