অসম

assam

By

Published : Jun 18, 2020, 2:11 PM IST

ETV Bharat / sports

কৃষ্ণাংগবৰণৰ ওপৰত কৰা ব্যৱহাৰকলৈ "বিভ্ৰান্ত আৰু লজ্জিত" : গাৰ্ডিওলা

সৰ্বত্ৰে চলিছে বৰ্ণবৈষম্য়ৰ প্ৰতিবাদ । আনকি বৰ্ণবৈষম্যৰ প্ৰতিবাদ ৰূপে চিহ্নিত হৈছে ইংলিছ প্ৰীমিয়াৰ লীগৰ প্ৰত্যাৱৰ্তন । #BlackLivesMatter অভিযানক পূৰ্ণ সমৰ্থন কৰা দেখা গৈছে ফুটবলজগতৰ বহু তাৰকাই ।

Man City boss Guardiola 'embarrassed & ashamed' by treatment of black people
Man City boss Guardiola 'embarrassed & ashamed' by treatment of black people

স্পৰ্টছ ডেস্ক, 18 জুনঃ বৰ্ণবৈষম্যকলৈ মেনচেষ্টাৰ চিটিৰ প্ৰধান (বছ) পেপ গাৰ্ডিওলাৰ প্ৰতিক্ৰিয়া । প্ৰীমিয়াৰ লীগৰ প্ৰত্যাৱৰ্তনৰ পাচতেই শ্বেতবৰণ লোকৰ দ্বাৰা কৃষ্ণাংগবৰণ লোকৰ ওপৰত ঐতিহাসিক ভাৱে কৰি অহা আচৰণৰ বাবে লজ্জিত বুলি উল্লেখ কৰে গাৰ্ডিওলাই ।

ইংলিছ প্ৰীমিয়াৰ লীগৰ প্ৰত্যাৱৰ্তনৰ পাচতেই খেল আৰম্ভৰ হোৱাৰ পূৰ্বে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সকলো পক্ষই আঠুকাঢ়ি #BlackLivesMatter অভিযানক সমৰ্থন কৰা দেখা পোৱা যায় ।

গাৰ্দিওলাৰ মন্তব্য় আৰু খেলুৱৈ, প্ৰশিক্ষকৰ পদক্ষেপ আমেৰিকাত কৃষ্ণাংগবৰণৰ জৰ্জ ফ্লয়ডৰ হত্যাৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া স্বৰূপে আছিল । খেলুৱৈ সকলে তেওঁলোকৰ জাৰ্ছীত তেওঁলোকৰ নামৰ সলনি Black Lives Matter অংকন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

গাৰ্ডিওলাই এটা টিভি চেনেলক দিয়া বক্তব্যত কৈছে, আমি কৃষ্ণাংগবৰণ লোকৰ বাবে এক হাজাৰ মিলিয়ন বাৰ্তা প্ৰেৰণ কৰা উচিত । 400 বছৰতকৈ অধিক বৰ্ষৰ পৰা আমি এই মৰম লগা লোকৰ বাবে যি কৰিছো । মই বিভ্ৰান্ত আৰু লজ্জিত শ্বেত বৰ্ণৰ লোক সকলে যি কৰিছে কৃষ্ণাংগবৰণ লোকৰ বাবে ।

কেৱল পৃথক বৰণলৈ জন্ম গ্ৰহণ কৰাৰ ফলতেই কেনেকৈ মানুহে চিন্তা কৰিব পাৰে তেওঁলোক পৃথক বুলি । এইয়া গ্ৰহণ যোগ্য নহয় বুলি কয় গাৰ্জিওলাই । এতিয়া আমাৰ কৃষ্ণাংগবৰণ লোকৰ বাবে কৰিবলগীয়া বহুখিনি আছে যিটো আমি আজিলৈ কৰা নাই ।

মেন চিটীৰ ষ্ট্ৰাইকাৰ ৰাহীম ষ্টেৰ্লিঙে এটা মহত্বপূৰ্ণ কামৰ বাবে একগোট পদক্ষেপক সমৰ্থন কৰি, প্ৰীমিয়াৰ লীগক এনে সুযোগ দিয়াৰ পক্ষত এটা বৃহৎ পদক্ষেপ হিচাপে চোৱা বুলি উল্লেখ কৰে । লগতে আমি সঠিক দিশত আগবঢ়া সূচাইছে বুলি কয় ষ্টেৰ্লিঙে ।

ABOUT THE AUTHOR

...view details