স্পৰ্টচ ডেস্ক,11 এপ্ৰিলঃ ইউৰোপীয়ান চেম্পিয়ন লিভাপুৰৰ প্ৰাক্তন তাৰকা খেলুৱৈ কেনি ডালগ্লিচৰ দেহত পজিটিভ পোৱা গৈছে কৰ'ণা ভাইৰাচৰ উপস্থিতি । বুধবাৰে স্বাস্থ্য পৰীক্ষা কৰোৱাত ধৰা পৰে এই কথা ।
লিভাপুৰৰ প্ৰাক্তন তাৰকা ডালগ্লিচ COVID-19 ত আক্ৰান্ত - liverpool
বুধবাৰে স্বাস্থ্য পৰীক্ষাত 69 বৰ্ষীয়ান প্ৰাক্তন ফুটবলাৰ গৰাকীৰ দেহত ধৰা পৰে CODIV-19 । চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন তাৰকা গৰাকী ।
লিভাপুৰৰ প্ৰাক্তন তাৰকা ডালগ্লিচ COVID-19 ত আক্ৰান্ত
তেওঁ কয় যে, কৰ'ণা ভাইৰাচৰ ফলাফল পজিটিভ হোৱাটো অপ্ৰত্যাশিত । তেওঁ পৰিয়ালৰ লগত আলোচনা কৰি নিজকে আইছলেচনত ৰাখিছিল । তেওঁ হাস্পতালত আছে যদিও ঘৰলৈ আহিব উৎসুক হৈ আছে ।
ফুটবল খেলপথাৰত খেলুৱৈ আৰু প্ৰবন্ধক হিচাপে তেওঁ 13 বছৰ সক্ৰিয় ভূমিকাত আছিল । নিজ কেৰিয়াৰত 8 টা ইংলিছ লীগৰ খিতাপ, তিনিটা এফ এফ খিতাপ আৰু তিনিটা ইউৰোপীয় খিতাপ দখলত অৰিহণা যোগাইছিল । পেচাদাৰী ফুটবলৰ ক্ষেত্ৰত লিভাপুলৰ হৈ 515 খন খেলত 172 টা গ'ল কৰিবলৈ সক্ষম হৈছিল ।