স্পৰ্টছ ডেস্ক, 4 ডিচেম্বৰ:সোমবাৰে প্ৰদান কৰা 'বেলন ডি'অৰ'-2019 সন্মান দখল কৰিছে বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ লিয়নেল মেছীআৰু মহিলা বিশ্বকাপৰ আমেৰিকান তাৰকা ফুটবলাৰ মেগান ৰেপিন'য়ে ৷ ইয়াৰ জৰিয়তে ষষ্ঠবাৰৰ বাবে এই সন্মান দখল কৰে তাৰকা ফুটবলাৰ লিয়নেল মেছীয়ে ৷
উল্লেখ্য যে, 2015 চনত শেষবাৰৰ বাবে বেলন ডি'অৰ সন্মান দখল কৰিছিল লিয়নেল মেছীয়ে ৷ ইয়াৰ পূৰ্বে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে পাঁচবাৰকৈ এই সন্মান দখল কৰি আছিল মেছীয়ে ৷ কিন্তু, 2019 চনৰ সন্মান দখলৰ জৰিয়তে তেওঁৰ ছয়টাকৈ সন্মানৰ অধিকাৰী হয় ৷
আনহাতে, মেগান ৰেপিন' হৈছে ন'ৰৱেৰ আদা হেগাৰবাৰ্গৰ পাচতে এই খিতাপ দখল কৰা দ্বিতীয়গৰাকী খেলুৱৈ ৷ আমেৰিকাক বিশ্বকাপ প্ৰদানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰেপিন'ই বিশ্বকাপত গ'ল্ডেন বুট আৰু গ'ল্ডেন বল দখল কৰিবলৈ সক্ষম হৈছিল ৷ তাৰোপৰি,বিশ্বকাপৰ ফাইনেলত তেওঁ 'প্লেয়াৰ অৱ দা মেচ' সন্মানো দখল কৰিছিল ৷ ৰেপিন'য়ে এই বৰ্ষৰ 'ফিফা শ্ৰেষ্ঠ মহিলা ফুটবলাৰ' সন্মানো লাভ কৰিছিল ৷