অসম

assam

By

Published : Jun 17, 2020, 2:00 PM IST

ETV Bharat / sports

লা লীগা : মেছীৰ 699 সংখ্য়ক গ'ল, বাৰ্চিলোনাৰ হাতত পৰাস্ত লেগনেছ

লিয়নেল মেছী আৰু আনছু ফাটিৰ গ'লৰ বিনিময়ত লেগনেছৰ বিৰুদ্ধে জয় লাভ বাৰ্চিলোনাৰ । মেছীৰ ফুটবল কেৰিয়াৰ 699 সংখ্য়ক গ'ল সম্পূৰ্ণ ।

La Liga: Lionel Messi, Ansu Fati score as Barcelona beat Leganes 2-0
La Liga: Lionel Messi, Ansu Fati score as Barcelona beat Leganes 2-0

স্পৰ্টছ ডেস্ক, 17 জুনঃ লা লীগাত অব্যাহত আছে বাৰ্চিলোনা দলটোৰ জয়যাত্ৰা । মঙলবাৰে অনুষ্ঠিত এখন মেচত 2-0 গ'লত জয় লাভ বাৰ্চিলোনাৰ । লিয়নেল মেছী আৰু আনছু ফাটিৰ গ'লৰ বিনিময়ত লেগনেছৰ বিৰুদ্ধে জয় লাভ দলটোৰ ।

মেচখনত বাৰ্চিলোনাৰ হৈ প্ৰথমটো গ'ল কৰিবলৈ সক্ষম হয় আনছু ফাটিয়ে । প্ৰথমাৰ্দ্ধ শেষ হোৱাৰ কিছু পূৰ্বে এটা গ'ল কৰি দলটোক 1-0 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় । ইয়াৰ পাচতেই দ্বিতীয়াৰ্দ্ধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাচতেই 69 মিনিটত পেনাল্টিৰ যোগেদি মেছীয়ে গ'ল কৰি দলটোক 2-0 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় ।

বাৰ্চিলোনাৰ হাতত 2-0 ত পৰাস্ত লেগনেছ

উল্লেখ্য় যে, লীগত মেছীৰ এইটো আছিল 21 সংখ্য়ক গ'ল । আনহাতে কেৰিয়াৰৰ 699 টা গ'ল । ইয়াৰ পাচত নিৰ্ধাৰিত সময় লৈ কোনো এটা দলে আৰু গ'ল কৰিবলৈ সক্ষম নহয় । ফলত মেচখনত 2-0 গ'লত জয় লাভ কৰিবলৈ সক্ষম হয় বাৰ্চিলোনা দলটোৱে ।

ইয়াৰ লগে-লগে শীৰ্ষ স্থানত থকা বাৰ্চিলোনা দলটোৱে ৰিয়াল মাদ্ৰিডতকৈ পাঁচ পইণ্টৰ অগ্ৰগতি ল'বলৈ সক্ষম হৈছে । বাৰ্চিলোনাৰ 29 খন মেচত 64 পইণ্ট থকাৰ বিপৰীতে ৰিয়াল মাদ্ৰিডৰ 28 খন মেচ আছে 59 পইণ্টছ ।

ABOUT THE AUTHOR

...view details