অসম

assam

By

Published : Jun 24, 2020, 12:57 PM IST

ETV Bharat / sports

লা লিগা : এথলেটিকক 1-0 ব্যৱধানত পৰাস্ত বাৰ্চিলোনাৰ

এথলেটিক বিলবাওৰ বিৰুদ্ধে মেচত বাৰ্চিলোনাৰ হৈ একমাত্ৰ গ'লটো দিয়ে ইভান ৰেকিটিকে ৷ ৰেকিটিকৰ 71 মিনিটৰ গ'লটোৰ ফলত বাৰ্চিলোনাই জয় লাভেৰে 3 পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

লা লিগা
এথলেটিকক 1-0 ব্যৱধানত পৰাস্ত বাৰ্চিলোনাৰ

স্পৰ্টছ ডেস্ক, 24 জুন :স্পেনিছ লীগৰ মঙলবাৰে অনুষ্ঠিত এখন মেচত বাৰ্চিলোনাই এথলেটিক বিলবাওৰ বিৰুদ্ধে 1-0 ব্যৱধানত জয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ আনহাতে, বুধবাৰে ৰিয়েল মাদ্ৰিদে মেলোৰ্কাৰ বিৰুদ্ধে এখন মেচত অৱতীৰ্ণ হ'ব ৷ এই জয়ৰ জৰিয়তে বাৰ্চিলোনাই ৰিয়েল মাদ্ৰিদৰ ওপৰত মেলোৰ্কাৰ বিৰুদ্ধে মেচৰ পূৰ্বে চাপ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৷

এথলেটিকক 1-0 ব্যৱধানত পৰাস্ত বাৰ্চিলোনাৰ

এথলেটিক বিলবাওৰ বিৰুদ্ধে মেচত বাৰ্চিলোনাৰ হৈ একমাত্ৰ গ'লটো দিয়ে ইভান ৰেকিটিকে ৷ ৰেকিটিকৰ 71 মিনিটৰ গ'লটোৰ ফলত বাৰ্চিলোনাই জয় লাভেৰে 3 পইন্ট সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷

দলৰ জয়ৰ পাচতে বাৰ্চিলোনাৰ প্ৰশিক্ষক কুইক ছেটিয়েনে কয়,"প্ৰতিপক্ষক লৈ আমি শংকিত নহয় ৷ আমি জয় লাভ কৰাটো প্ৰয়োজনীয় আছিল,এতিয়া আমি ৰিয়েল মাদ্ৰিদ বনাম মেলোৰ্কাৰ মেচত কি হয় চাম ৷"

ৰেকিটিকে খেলপথাৰত প্ৰৱেশ কৰাৰ 10 মিনিটৰ ভিতৰত লিয়নেল মেছীৰ সমৰ্থনত সোঁ ভৰিৰে কৰ্নাৰত গ'ল কৰিছিল ৷ জয়ৰ পাচতে ৰেকিটিকে কয়,"এখন কঠিন মেচত অতি গুৰুত্বপূৰ্ণ জয় লাভ কৰিবলৈ সক্ষম হ'লো ৷ মেচখনত থিতাপি ল'বলৈ আমাক অলপ সময়ৰ প্ৰয়োজন হ'ল ৷ তেওঁলোকেও ভাল প্ৰদৰ্শন কৰিছিল ৷"

বুধবাৰে 33 বছৰত ভৰি দিয়া মেছীয়ে ক্লাৱ আৰু দেশৰ বাবে 700 গ'ল কৰাত পুনৰ অসমৰ্থ হয় ৷ দুবাৰকৈ গ'লৰ তেনেই ওচৰ চাপিও তেওঁ গ'ল প্ৰদান কৰিব নোৱাৰে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে বাৰ্চিলোনাই ছেভিলাৰ বিৰুদ্ধে 0-0 ত ড্ৰ' খেলাৰ ফলত মাদ্ৰিদে তালিকাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হয় ৷ কৰ'ণা ভাইৰাছৰ পাচত পুনৰ লীগ আৰম্ভ হোৱাত প্ৰথমবাৰৰ বাবে মাদ্ৰিদে শীৰ্ষ স্থান দখল কৰিছে ৷

আনহাতে, কৰ'ণা মহামাৰীৰ পাচত এথলেটিকে 4 খনকৈ মেচত অংশগ্ৰহণ কৰি কেৱল এখনতহে জয়লাভ কৰিবলৈ সক্ষম হোৱাত তালিকাৰ 10 সংখ্যক স্থানলৈ অৱনমিত হৈছে ৷

লগতে পঢ়ক : দেশত ক্ৰীড়া ইভেন্টৰ আৰম্ভণিৰ ইংগিত দিলে কিৰেণ ৰিজিজুয়ে

ABOUT THE AUTHOR

...view details