অসম

assam

ETV Bharat / sports

ব্ৰাজিলিয়ান ফুটবলাৰক চেৰ পেলাই নতুন বিশ্ব ৰেকৰ্ড কেৰালাৰ কিশোৰীৰ

ফুটবলৰ যাদুৰে বিশ্ব ৰেকৰ্ড গঢ়িছে কেৰালাৰ পাঝাংগোড় গাঁৱৰ এগৰাকী 13 বছৰীয়া ফুটবল যাদুকৰ কিশোৰীয়ে ৷ ব্ৰাজিলৰ ফুটবল যাদুকৰ জোচুৱা ডুৰেট্টিৰ ৰেকৰ্ড ভংগ কৰি 1 মিনিটত মাটি স্পৰ্শ নকৰাকৈ 171 বাৰ বল গোৰ মাৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় বি এল অখিলাই ৷

Kerala girl breaks the record
বিশ্ব ৰেকৰ্ড কেৰালাৰ এগৰাকী কিশোৰীৰ

By

Published : Dec 3, 2020, 1:54 PM IST

Updated : Dec 3, 2020, 2:37 PM IST

স্পৰ্টছ ডেস্ক, 3 ডিচেম্বৰ : কেৰালাৰ উত্তৰ মালাবাৰ এলেকাৰ ব্য়ৱসায়িক ক্ষেত্ৰ পাঝাংগোড় গাঁৱত এগৰাকী কিশোৰীয়ে নিজৰ ফুটবলৰ যাদুৰে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে ৷

কেৰালাৰ কুন্নুৰ জিলাৰ পাঝাংগোড় গাঁৱৰ 13 বছৰীয়া কিশোৰী বি এল অখিলাই ব্ৰাজিলৰ এগৰাকী ফুটবল যাদুকৰৰ ৰেকৰ্ড ভংগ কৰি 1 মিনিটত মাটি স্পৰ্শ নকৰাকৈ 171 বাৰ বল গোৰ মাৰি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৷

বিশ্ব ৰেকৰ্ড কেৰালাৰ এগৰাকী কিশোৰীৰ

কুন্নুৰৰ স্পৰ্টছ ডিভিজন স্কুল সপ্তম শ্ৰেণীৰ ছাত্ৰী বি এল অখিলা ৷ ব্ৰাজিলৰ ফুটবল যাদুকৰ জোচুৱা ডুৰেট্টিক চেৰ পেলাই এই ৰেকৰ্ড গঢ়ে অখিলাই ৷ মাছমৰীয়া বাইজুৰ সৰু কন্যা অখিলাই ৰাজ্যখনৰ ক্ৰীড়া প্ৰশিক্ষণ কাৰ্যসূচী ‘কিক অফ’ৰ জৰিয়তে ফুটবলৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ।

অখিলাৰ এই সফলতাত পিতৃ বাইজুৱে কয় যে, অখিলা সৰুৰ পৰাই ফুটবলৰ প্ৰতি আগ্ৰহী আছিল ৷ জি ভি ৰাজা স্পৰ্টছ স্কুলত নামভৰ্তি কৰা অখিলাই পুনৰ স্কুল খোলাক লৈ অপেক্ষাৰত ৷ টাইকোৱাণ্ডো খেলুৱৈ অনীশা হৈছে অখিলাৰ ভনী ৷

লগতে পঢ়ক :স্থানীয় পাৰ্কত অনুশীলন অব্যাহত বক্সাৰ সৰবজিৎ সিঙৰ

Last Updated : Dec 3, 2020, 2:37 PM IST

ABOUT THE AUTHOR

...view details