স্পৰ্টছ ডেস্ক, 28 জুলাই : নৱমবাৰৰ বাবে Serie A প্ৰতিযোগিতাৰ চেম্পিয়ন হ’ল জুভেণ্টাছ ফুটবল দল ৷ দেওবাৰে ছাম্পড’ৰিয়াক 2-0 গ’লত পৰাস্ত কৰি এই খিতাপ দখল কৰিবলৈ সক্ষম হয় দলটোৱে ৷
মেচখনত প্ৰথমটো গ’ল কৰিবলৈ সক্ষম হয় জুভেণ্টাছ দলটোৰ তাৰকা খেলুৱৈ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোই ৷ মেচখনৰ প্ৰথমাৰ্ধত শেষ হোৱাৰ কিছু সময়ৰ পূৰ্বেই ছীজনৰ 31 সংখ্যক গ’লটো কৰে খেলুৱৈগৰাকীয়ে ৷ ইয়াৰ পাচতেই দ্বিতীয়াৰ্ধত ফেডৰিকো বাৰ্ণাৰ্ডেস্কিয়ে 67 মিনিটত আন এটা গ’ল কৰি দলটোক 2-0 ৰ অগ্ৰগতি দিবলৈ সক্ষম হয় ৷
নৱমবাৰৰ বাবে চেম্পিয়ন হ’ল জুভেণ্টাছ ইয়াৰ পাচত নিৰ্ধাৰিত সময় লৈকে দুয়োটা দলৰ ফালৰ পৰা আৰু এটাও গ’ল দেখিবলৈ পোৱা নাযায় ৷ ফলত মেচখন 2-0 গ’লৰ ব্যৱধানত জয়ী হৈ খিতাপ দখল কৰিবলৈ সক্ষম হয় জুভেণ্টাছ জলটোৱে ৷ এইটা আছিল দলটোৰ নৱম সংখ্যক খিতাপ ৷
জুভেণ্টাছ দলটোৰ সৈতে ৰ’নাল্ডোৰ এইটো আছিল দ্বিতীয়টো Serie A ৰ খিতাপ ৷ ইনষ্টাগ্ৰামটো খেলুৱৈগৰাকীয়ে নিজৰ আনন্দ প্ৰকাশ কৰে ৷ এতিয়া জুভেণ্টাছৰ পৰৱৰ্তী দুখন মেচত ৰ’নাল্ডোৰ লক্ষ্য হ’ব Serie A ৰ এটা ছীজনত সৰ্বাধিক গ’ল কৰা গোঞ্জেল’ হিগুয়েনৰ 36 টা গ’লৰ অভিলেখ ভংগ কৰাৰ ৷
লগতে চাওক-আইচিচিৰ চেয়াৰমেন পদৰ বাবে গাংগুলীক সমৰ্থন ছাংগাক্কাৰাৰ